দেশী-বিদেশী পৰ্যটকৰ মিলনস্থলীত পৰিণত হৰ্ণবিল মহোৎসৱ

Share

গুৱাহাটী, ৭ ডিচেম্বৰঃ হৰ্ণবিল মহোৎসৱ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল।এই মহোৎসৱ নাগালেণ্ডৰ কিছামা নগা ঐতিহ্যমণ্ডিত গাঁৱত অনুষ্ঠিত হৈছে।ষষ্ঠদিনাও এই মহোৎসৱত জনগোষ্ঠীয় লোকনৃত্যৰে জীপাল হৈ আছে আৰু চাৰিওফালে বিৰাজ কৰিছে এক আনন্দময় পৰিৱেশ।নগা জাতিসকলৰ পৰম্পৰা উপভোগ কৰিবলৈ এই মহোৎসৱত বহু দেশী-বিদেশী পৰ্যটকেৰে ভৰি পৰিছে।

আনহাতে নাগালেণ্ডৰ হৰ্ণবিল মহোৎসৱে এইবাৰ ২৩ বছৰত ভৰি দিছে। এই মহোৎসৱত ফ্ৰান্স,আমেৰিকা,অষ্ট্ৰেলিয়া,অষ্ট্ৰিয়া,বলিভয়া,কলম্বিয়া,পোলেণ্ডকে ধৰি বিশ্বৰ প্ৰায়বোৰ দেশৰে পৰ্যটকে অংশগ্ৰহণ কৰিছে।হৰ্ণবিল মহোৎসৱত নাগালেণ্ডৰ ১৬ টা প্ৰধান জনগোষ্ঠী আৰু উপ-জনগোষ্ঠীয়ে নিজস্ব লোককৃষ্টিৰ নৃত্য-গীত প্ৰদৰ্শন কৰি এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰিছে।ইয়াৰ লগে লগে নগা জনগোষ্ঠীসকলৰ নৃত্যৰ তালে তালে বিদেশী পৰ্যটকৰ লগতে ভাৰতৰ ভিন্ন ৰাজ্যৰ পৰা অহা পৰ্যটকেও হাতে হাত ধৰি নাচিছে।দহদিনীয়াকৈ অনুষ্ঠিত হোৱা এই মহোৎসৱ অহা ১০ ডিচেম্বৰলৈ চলি থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *