ভিচা নোহোৱাকৈয়ে ভ্ৰমণ কৰিব পাৰিব মালেছিয়া

Share

গুৱাহাটী,২৭ নৱেম্বৰঃ শেহতীয়াকৈ থাইলেণ্ডে ভাৰতক ভিচাৰ অবিহনে থাইলেণ্ড ভ্ৰমণৰ সুবিধা প্ৰদান কৰাৰ পাছতে এইবাৰ মালেছিয়াই ভাৰতক দিলে ফ্ৰী ভিচাৰ বিশেষ সুবিধা। যোৱা দেওবাৰে মালেছিয়াৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমে জনাই যে, ভাৰতীয় আৰু চীনৰ নাগৰিকসকলৰ বাবে মালেছিয়াই ভিচা ফ্ৰী কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি প্ৰতিজন ভাৰতীয় নাগৰিকে ভিচাৰ অবিহনেই মালেছিয়া ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী আনৱাৰে জনোৱা মতে, অহা ১ ডিচেম্বৰৰ পৰা আৰম্ভ কৰি ৩০ দিন পৰ্যন্ত অব্যাহত থাকিব ফ্ৰী ভিচাৰ সুবিধা। উল্লেখযোগ্য যে, মালেছিয়াৰ চতুৰ্থ আৰু পঞ্চম সৰ্ববৃহৎ বজাৰ হৈছে ক্ৰমে চীন আৰু ভাৰত৷ চৰকাৰী তথ্য অনুসৰি, চলিত বৰ্ষত মালেছিয়াত জানুৱাৰী আৰু জুনৰ ভিতৰত ৪,৯৮,৫৪০ গৰাকী পৰ্যটক চীনৰ হোৱাৰ বিপৰীতে ২,৮২,৮৮৫ গৰাকী পৰ্যটকেই হৈছে ভাৰতীয়।মন কৰিবলগীয়া বিষয় যে, বিভিন্ন সময়ত ভিন্ন দেশে নিজ দেশৰ অৰ্থনৈতিক লাভাৰ্থে এনেধৰণৰ ফ্ৰী ভিচা ঘোষণা কৰা দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু নেপালকে ধৰি থাইলেণ্ড,শ্ৰীলংকা তথা আফ্ৰিকাৰ কেইবাখনো ৰাষ্ট্ৰই ভিচাৰ অবিহনেই ভাৰতক ভ্ৰমণৰ সুবিধা প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *