বিৰাট ক’হলিক অষ্ট্ৰেলিয়ান যুৱকে সাৱটি ধৰাৰ চেষ্টা

Share

বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলৰ মাজত সোমাল এজন অষ্ট্ৰেলিয়ান যুৱক।যিটো সময়ত ভাৰতীয় দলে বেটিং কৰি আছিল।হেজাৰ হেজাৰ দৰ্শকৰ আগত ভাহি উঠিল পেলেষ্টাইনত ইজৰাইলৰ বোমাবৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ।এই ঘটনাৰ সময়ত ষ্টেডিয়ামত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ,অতিথি বিদেশী ৰাষ্ট্ৰনেতা ৰিচাৰ্ড মাৰ্লেছ প্ৰমুখ্যে দেশ-বিদেশৰ বহুজন ভি ভি আই পি উপস্থিত আছিল।স্বাভাৱিকতে অতি কটকটীয়া আছিল নিৰাপত্তা ব্যৱস্থা তেনে অৱস্থাত যুৱকজন খেলপথাৰৰ মাজভাগত সোমাই যায়।মাস্ক পিন্ধা যুৱকজনে পিন্ধা টি ছাৰ্টৰ সন্মুখৰ ফালে লিখা আছিল ‘ষ্টপ বম্বিং পেলেষ্টাইন’ আৰু পিঠিৰ ফালে লিখা ইজৰাইলীৰ বেদখলৰ বিৰুদ্ধে ‘ফ্ৰী পেলেষ্টাইন’।কটকটীয়া নিৰাপত্তা বেষ্টনী অতিক্ৰম কৰি ৰঙা হাফপেন্ট আৰু বগা টি-ছাৰ্ট পৰিধান কৰা যুৱকজন খেলপথাৰৰ মাজভাগলৈকে দৌৰি সোমাই যায়।

সেইসময়ত ভাৰতীয় দলৰ দুই বেটছমেন বিৰাট ক’হলি আৰু কে এল ৰাহুলয়ে বেটিং কৰি আছিল।তেনেস্থলীত ক’হলিক সাৱটি ধৰিবলৈ চেষ্টা কৰে যুৱকজনে।এজন অচিনাকি আৰু অনাধিকাৰ প্ৰৱেশ কৰা লোকৰ এনে কাৰ্যত ক’হলি হতভম্ব হৈ পৰে।যুৱকজনে হাতত এখন পেলেষ্টাইনৰ পতাকা ৰেইনব’ ফ্লেগ লৈ গৈছিল।ইয়াৰ জৰিয়তে বুজা যায় যে, পেলেষ্টাইনত ইজৰাইলে বোমা বৰ্ষণ কৰি হেজাৰ হেজাৰ নিৰীহক হত্যা কৰা ঘটনাক বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰি এনে দুষ্কাৰ্যৰ প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰে যুৱকজনে।অৱশ্যে যুৱকজন খেলপথাৰত প্ৰৱেশ কৰাৰ ফলত ৪৫ ছেকেণ্ডৰ বাবে খেল বন্ধ হৈ পৰে।

ইয়াৰ পিছত আৰক্ষীয়ে যুৱকজনক অতি ক্ষিপ্ৰতাৰে আটক কৰে।আৰক্ষীয়ে প্ৰতিবাদী যুৱকজনক আহমেদাবাদৰ চান্দখেড়া আৰক্ষী থানালৈ লৈ যায়।উল্লেখ্য যে যুৱকজনে সাংবাদিকৰ আগত কয় যে, মই অষ্ট্ৰেলিয়াৰ পৰা আহিছো।মই বিৰাট ক’হলিক লগ পাবলৈহে খেলপথাৰত প্ৰৱেশ কৰিছিলো।মোৰ প্ৰতিবাদ আছিল পেলেষ্টাইনত চলি থকা আক্ৰমণৰ বিৰুদ্ধে।

Leave a Reply

Your email address will not be published. Required fields are marked *