আজি সংগীত শিল্পী জুবিন গাৰ্গৰ ৫১সংখ্যক জন্মদিন

Share

অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আজি ৫১ সংখ্যক ওপজাদিন । বিগত বছৰসমূহৰ দৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুৰাগীসকলে পালন কৰিব প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন । ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে । প্ৰায় ২৫ সহস্ৰাধিক গীতত কণ্ঠদান কৰি অসমীয়া সংগীত জগতক মোহিত কৰিছে কণ্ঠশিল্পীগৰাকীয়ে । উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা-উপভাষা গীতত কণ্ঠদান কৰাৰ উপৰিও শিল্পীগৰাকীৰ  বলিউদতো আছে বহু অৱদান, লগতে একাধিক দাক্ষিণাত্যৰ ভাষাত কণ্ঠ নিগৰাইছে শিল্পীগৰাকীয়ে ।
   
    ইয়াৰোপৰি অভিনেতা, সংগীত পৰিচালক, ছবি পৰিচালক হিচাপেও আছে বহু সফলতা । যি সফলতাৰ বাবে তেওঁ জনপ্ৰিয়তাৰ শীৰ্ষৰ আসনত অধিষ্ঠিত হৈ আছে । জানিবপৰামতে বিভিন্ন সময়ত জুবিন গাৰ্গে দিয়া মন্তব্য অনুসৰি তেওঁৰ চিকাৰ আৰু ৰৈ ৰৈ বিনালে নামৰ দুখনকৈ অসমীয়া ছবি ছবিগৃহত আহিবলগীয়া আছে । অৱশ্যে স্বাস্থ্যজনিত কাৰণত কিছুদিনৰ বাবে ছবিৰ দৃশ্যগ্ৰহণৰ কামৰ পৰা বিৰত আছে । 

Leave a Reply

Your email address will not be published. Required fields are marked *