মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাক চৰম হতাশাগ্ৰস্ত আখ্যা দি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই সংবাদ মাধ্যমক আজি কয়- ‘অসম জনসাধাৰণে ১২০০ টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিবলগীয়া হৈছে৷ অসমৰ ৰাইজক ১২০০ টকাত চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ বাধ্য কৰোৱা হিমন্তবিশ্ব শৰ্মাই ছত্তীশগড়ত নিৰ্বাচনী প্ৰচাৰ চলাই ছত্তীশগড়ৰ ৰাইজক ৫০০ টকাত চিলিণ্ডাৰ যোগানৰ প্ৰতিশ্ৰুতি দিয়ে৷’ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই অসমত কেৱল দুটা সাম্প্ৰদায়িক দল বিজেপি আৰু এ আই ইউ ডি এফক জীয়াই ৰাখিব বিচাৰে বুলি সমালোচনা কৰি ভুপেন বৰাই কয়- ‘মুখ্যমন্ত্ৰী শৰ্মাৰ এটা সপোন আছে। তেওঁ অসমত দুটা সাম্প্ৰদায়িক দল বৰ্তি থকাটো বিচাৰে। সেয়া হ’ল বিজেপি আৰু এ আই ইউ ডি এফ। কিন্ত অসমৰ ৰাইজে হিমন্তবিশ্ব শৰ্মাৰ সপোন পূৰ হ’বলৈ নিদেয়ে। অসমৰ ৰাইজে ভাতৃত্ববোধ, শান্তি সম্প্ৰীতিৰ পৰিৱেশ আৰু আমাৰ গৰিমামণ্ডিত ইতিহাস পুনৰুদ্ধাৰৰ বাবে ২০২৪ ত ভোটদান কৰিব। বদৰুদ্দিন আজমলৰ সৈতে মুখ্যমন্ত্ৰীয়ে গোপন সম্পৰ্ক ৰক্ষা কৰাৰো কাৰণ এয়াই। হিমন্তবিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পতাটো আজমলৰ এক সপোন আছিল।’ বিজেপিৰ সৈতে আজমলৰ সম্পৰ্কৰ কথা ইয়াৰ পৰা স্পষ্ট হৈ পৰে বুলি অভিযোগ কৰি বৰাই পুনৰ কয়- ‘বিজেপিয়ে অসম খনক হিন্দু-মুছলমানৰ মাজত বিভাজিত কৰিব খুজিছে একমাত্ৰ ৰাজনৈতিক উদ্দেশ্যত।
বি টি আৰত বড়ো-অবড়ো, উত্তৰ অসমত মিচিং-অমিচিং, কাৰ্বি আংলঙত কাৰ্বি-অকাৰ্বিৰ মাজত বিভাজন আনিবলৈ বিজেপিয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে। এইবোৰ কাৰণতেই বিজেপি এতিয়া ব্যাপক খহনীয়া আৰম্ভ হৈছে। কোকৰাঝাৰত প্ৰায় সকলো নেতা-কৰ্মীয়ে বিজেপি ত্যাগ কৰিছে। সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিৰে যে মানুহৰ পেট নভৰে সেয়া সকলোৱে বুজি উঠিছে। জাতি আৰু দেশক লৈ চিন্তা কৰাসকলে বিজেপি, এ আই ইউ ডি এফক এইবাৰ উচন কৰিব।’