আজি মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচন

Share

আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰৰ বিধানসভা নিৰ্বাচন।আজি ভোটগ্ৰহণ প্ৰক্ৰিয়াত ভোটাৰ ৰাইজৰ মাজত ব্যাপক উ९সাহ দেখিবলৈ পোৱা গৈছে।ছত্তীশগড়ত যোৱা ৭ নৱেম্বৰত প্ৰথম পৰ্যায়ৰ ২০ টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কাৰ্য সমাপ্ত হোৱাৰ পাছত আজি ছত্তীশগড়তো আৰম্ভ হয় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কাৰ্য।আনহাতে এইবাৰ বিধানসভা নিৰ্বাচত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ মুঠ সংখ্যা ২,৫৩৩ গৰাকী।ভোটগ্ৰহণ কাৰ্য সম্পন্ন কৰিবলৈ মুঠ ২,০৪৯ টা ভোটগ্ৰহণ কেন্দ্ৰ ৰাজ্যখনত স্থাপন কৰিছে।ইয়াৰোপৰিও নিৰ্বাচনৰ পূবে বিজেপি আৰু কংগ্ৰেছে ৰাজ্যখনৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলাইছিল।বিজেপিয়ে ৬৩৪ স্থানত আৰু বিৰোধী দল কংগ্ৰেছে ৩৫০ স্থানত প্ৰচাৰ অভিযান চলাইছিল।বিজেপিৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পোন্ধৰখন বৃহ९ ৰেলীত ভাষণ দি প্ৰচাৰ অভিযান চলাইছিল।ঠিক সেইদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা,কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি আন বহু আগশাৰীৰ নেতৃত্বই বিজেপিৰ হৈ প্ৰচাৰ অভিযান চলাইছিল।সেইদৰে বিৰোধী দল কংগ্ৰেছৰো ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে,সাংসদ ৰাহুল গান্ধী,কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী,প্ৰাক্তন মুখ্যমন্ত্ৰীদ্বয় কমল নাথ আৰু দ্বিগবিজয় সিং আদিয়ে কংগ্ৰেছ হৈ প্ৰচাৰ চলাইছিলে।ৰাজ্যখনত বিজেপি আৰু কংগ্ৰেছে ২৩০ খন আসনৰ আটাইকেইখন প্ৰাৰ্থী দিয়াৰ বিপৰীতে এছ পিয়ে ৭১ খন,বি এছ পিয়ে ১৮৩ খন,জনতা দলে ১০ খন জি জি পিয়ে ৪৫ খনত প্ৰতিদ্বন্দ্বিতা কৰিছে।ইফালে ছত্তীশগড়তো ৭০ খন আসনৰ বাবে পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ কাৰ্য আৰম্ভ কৰা হয়।আনহাতে ৰাজ্যখনৰ মুঠ ২২ খন জিলাৰ সত্তৰ সমষ্টিৰ বিপৰীতে মুঠ ৯৫৮ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে।ছত্তীশগড়ত ১৮,৮৩৩ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে।এই নিৰ্বাচনৰ জৰিয়তে মুখ্যমন্ত্ৰী ভূপেশ বাঘেল,উপ-মুখ্যমন্ত্ৰী টি এছ সিংদেউসহ আঠগৰাকী মন্ত্ৰী আৰু চাৰিগৰাকী সাংসদৰ ভাগ্য নিৰ্ণয় হ’ব।এইবাৰ নিৰ্বাচনত কংগ্ৰেছে ৭৫ খন আসন পোৱাৰ দাবী কৰিছে।আনফালে এইবাৰ নিৰ্বাচনত আম আদমি পাৰ্টীয়ে ৮৮ গৰাকী প্ৰাৰ্থী,জনতা দল ছত্তীশগড় ৬২ গৰাকী আৰু সমৰৰাজ পাৰ্টীয়ে ৩৩ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

মধ্যপ্ৰদেশত ২৩০ খন আসনৰ নিৰ্বাচনৰ সময়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনাৰ।দিমনি এলেকাত দুটা গোটৰ মাজত প্ৰচণ্ড সংঘাতৰ সৃষ্টি হয়।ইটো গোটে সিটো গোটলৈ বুলি নিক্ষেপ কৰে শিলগুটি।তাৰ পিছতেই আৰম্ভ হয় এক প্ৰচণ্ড সংঘাতৰ।পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ শূণ্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।যাৰ ফলত কেইবাজনো লোক আহত হয়।মুখত কাপোৰ পিন্ধি আহিছিল দুৰ্বৃত্তৰ দলটো।হিংসাত্মক ঘটনা সংঘটিত কৰা দুৰ্বৃত্তৰ দলটোক পহুখেদা দিয়ে আৰক্ষীয়ে। 

Leave a Reply

Your email address will not be published. Required fields are marked *