৪০ বছৰ ঊৰ্ধৰ নেতা নাথাকিব আছুত

Share

বয়সৰ বিতৰ্কই গৰম কৰিছে আছুক।মৰিগাঁওৰ আছু অধিৱেশনলৈ মাজত মাথো কোইটামান দিন।উখল-মাখল সদৌ অসম ছাত্ৰ সন্থাৰ ভিতৰচ’ৰা।এই সময়তে আছু নেতাৰ বয়সৰ বিতৰ্কই তোলপাৰ লগাইছে সংগঠনটোৰ মাজত।আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ বিষয়-ববীয়া,নেতা-কৰ্মীৰ বয়সৰ প্ৰসংগই চৰ্চা লাভ কৰিছে মৰিগাঁওত অনুষ্ঠিত হ’ব লগীয়া অধিৱেশনৰ প্ৰাক মূহুৰ্তত। ২০২০ চনত অনুষ্ঠিত দুলীয়াজানৰ সপ্তম অধিৱেশনত সংগঠনটোৰ বিষয়া-কৰ্মীৰ বাবে কেইবাটাও প্ৰস্তাৱ উত্থাপন হৈছিল।ক্ৰমে -৪০ বয়সৰ ঊৰ্ধৰ নেতাৰ পদ কৰ্তন,শিক্ষাগত অৰ্হতা স্নাতক আৰু বিবাহিত হ’লে আছুত থাকিব নোৱাৰিব।কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল এবছৰৰ পৰিৱৰ্তে তিনি বছৰ।নৱপ্ৰজন্মক আকৃষ্ট কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছিল।উল্লেখ্য যে, ২০২২ চনৰ নৱেম্বৰত লখিমপুৰত অনুষ্ঠিত হৈছিল আছু সাধাৰণ সভা। সেই সভাতেই আছুৰ সেই সময়ৰ সভাপতি দীপাংকৰ কুমাৰ নাথে ২০২০ চনত দুলীয়াজনৰ অধিবেশনত গৃহীত সংবিধানৰ সংশোধনী প্ৰস্তাৱক  উলংঘা কৰি এক বিশেষ ঘোষণা কৰিছিল। তেওঁ কৈছিল যে ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নিজে যেতিয়ালৈকে বিচাৰে তেতিয়ালৈকে উপদেষ্টা হৈ থাকিব পাৰিব।

কিন্তু এই ঘোষণা আছিল ইতিপূর্বে সংশোধিত হোৱা সংবিধানৰ পৰিপন্থী। কাৰণ ড° ভট্টাচাৰ্যৰ বৰ্তমান প্রায় ৬৫ বছৰ। গতিকে আন ৪০ উৰ্ধৰ ব্যক্তিসকলক কেন্দ্ৰীয় নিৰ্বাহকৰ পৰা আঁতৰাই লখিমপুৰ সাধাৰণ সভাৰ প্ৰস্তাৱক লৈ ৬৫ বছৰ গৰকা ভট্টাচাৰ্যক আজীৱন ছাত্র সংগঠনটোত বাহাল ৰখাৰ বাবে আছুৰ সভাপতি উৎপল শর্মা,সম্পদক শকৰজ্যোতি বৰুৱাই কৌশল ৰচনা কৰা বুলি জানিব পৰা গৈছে।৪০ বছৰ ঊৰ্ধৰ প্ৰস্তাৱ এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই।ইয়াৰ বিৰুদ্ধে ছাত্ৰ নেতা দিব্যজ্যোতি মেধিয়ে গুৱাহাটী সত্ৰ ন্যায়ধীশত এক গোচৰ ৰুজু কৰিছে।এই গোচৰৰ শুনানি কাইলৈ।কিন্তু এই শুনানিৰ পূৰ্ৱেই কালি নিশাই আছুৰ সভাপতি উৎপল শর্মা,সম্পদক শকৰজ্যোতি বৰুৱাই প্ৰেৰণ কৰিলে এখন পত্ৰ।য’ত উল্লেখ আছে–আছুৰ দুলীয়াজানৰ অধিৱেশনত গৃহীত হোৱা সংবিধান সংশোধনী প্ৰস্তাৱসমুহ মৰিগাঁও অধিৱেশনত কাৰ্যকৰী কৰা হ’ব।

বৰ্তমানৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখন ৫০ৰ ঊৰ্ধৰ ব্যক্তিৰে ভৰি আছে। কিন্তু এতিয়া ৬৫ বছৰীয়া সমুজ্জ্বল ভট্টাচাৰ্যক লখিমপুৰ সাধাৰণ সভাৰ বিতৰ্কিত প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি আজীৱন ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে ৰাখি মৰিগাঁও অধিৱেশনত মৰিগাঁৱৰ প্ৰতিনিধি সভাত শেষ নিশা দুলীয়াজান অধিবেশনত তিনি বছৰ পূৰ্বে বয়সৰ ঊর্ধসীমা আৰু নিম্নতম শিক্ষাগত অৰ্হতাক লৈ গ্ৰহণ কৰা সংবিধান সংশোধনীৰ প্ৰস্তাৱটোকেই সলাই পেলোৱাৰ ব্লু-প্রিন্ট ৰচা বুলি অভিযোগ উঠিছে।ভট্টাচাৰ্যসহ আন সকলো বৃদ্ধ ছাত্ৰ নেতা থাকিব কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত।কি হ’ব আছুৰ ভৱিষ্যত,সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *