ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ হৈ ৰ’ব অতীত। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কেবিননেট বৈঠকত লোৱা হৈছিল ১৯ টাকৈ সিদ্ধান্ত তাৰ ভিতৰত হল এটা হল ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সমূহ আসাম ষ্টেট স্কুল এডুকেশ্ব্যন ব’ৰ্ডৰ অধীনত অননুষ্ঠিত হ’ব। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জানিব দিয়া মতে, ২০২৪ বৰ্ষৰ বাজেট অধিৱেশন অহা বৰ্ষৰ ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব । আলি আয়েঃ লৃগাংৰ চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ অসমৰ ১০খন মিচিং লোকৰ বসতিপূৰ্ণ জিলা সমূহত ।
আগতে বিনামূলীয়া চাউল বিতৰণ কৰা হৈছিল অন্নসেৱা সপ্তাহৰ জৰিয়তে । মাহৰ ১০ তাৰিখৰ পৰা ১৬ তাৰিখলৈ এই সেৱা সপ্তাহ আয়োজন কৰা হৈছিল । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জানিব দিয়া মতে, এতিয়াৰ পৰাই প্ৰতিমাহৰ ১ তাৰিখৰ পৰা ১০ তাৰিখলৈ বিনামূলীয়া চাউলসমূহ হিতাধিকাৰী সকলক বিতৰণ কৰিব লাগিব । অসম খাচী-জয়ন্তীয়া উন্নয়ন পৰিষদ গঠনতো অনুমোদন কেবিনেট সিদ্ধান্তত। ইলেক্টনিক বাহনৰ চালকসকলক উৎসাহিত কৰিবৰ বাবে এনে বাহনৰ পঞ্জীয়ন মাচুল দুই শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত । এতিয়া ১০ শতাংশৰ ঠাইত ইলেক্ট্ৰনিক বাহনৰ পঞ্জীয়ন মাচুল ৮ শতাংশলৈ হ্ৰাস । এই নতুন নিৰ্ধাৰিত পঞ্জীয়ন মাচুল ২০২৫ৰ ৩১ মাৰ্চলৈকে প্ৰযোজ্য হ’ব।