পুনৰ অসুস্হ হৈ পৰিল হাৰ্টথ্ৰব জুবিন গাৰ্গ

Share

  আজি পুৱা গছৰ পুলিত পানী দি থকাৰ অৱস্থাতে অসুস্থ হৈ পৰে অসমবাসীৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ৷ জানিব পৰা মতে, হঠাৎ মূৰ ঘূৰাই পৰি যায় শিল্পীগৰাকী আৰু ইয়াৰ লগে লগে তেওঁক নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হয় ৷

শেহতীয়া খবৰ অনুসৰি, বৰ্তমান ICUত চিকিৎসাৰত অৱস্থাত আছে জুবিন গাৰ্গ ৷ চিকিৎসকৰ এটা দলে ইতিমধ্যেই জুবিন গাৰ্গৰ চিকিৎসা আৰম্ভ কৰিছে ৷ চিকিৎসকে জনোৱা মতে, সকলোৰে মৰমৰ শিল্পীগৰাকীৰ এইবাৰ ছিজাগ এটেক হৈছে ৷ সেয়ে উন্নত চিকিৎসাৰ বাবে চিকিৎসকৰ দ্বাৰা সকলোধৰণৰ পৰীক্ষা কৰা হৈছে আৰু নেমকেয়াৰৰ নিউৰ’ বিশেষজ্ঞ্ৰৰ এটা দলে তেওঁক চোৱাচিতা কৰিছে ৷ অৱশ্যে,জুবিন গাৰ্গক কেতিয়ালৈকে ICUত ৰখা হব সেই সম্পৰ্কে এতিয়ালৈকে হাস্পাতাল কতৃপক্ষই  সবিশেষ জনোৱা নাই ।
 
 উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ অনুৰাগীসকলে তেওঁৰ অসুস্থতাৰ খবৰ পাই নেমকেয়াৰ হাস্পাতালৰ বাহিৰত ভিৰ কৰিছেহি ৷ তদুপৰি শিল্পীগৰাকীৰ সুস্বাস্থ্য় কামনা কৰি বিভিন্নজনে সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *