চেম্পিয়নছ ট্ৰফীলৈ যোগ্যতা  অৰ্জন কৰিলে আফগানিস্তানে  

Share
চলিত বিশ্বকাপত কোন চাৰিটা দলে ছেমিফাইনেল খেলিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই , কিন্তু ইয়াৰ মাজতে আৰম্ভ হৈছে এক নতুন যুঁজ । আৰু এই যুঁজ হৈছে চেম্পিয়ন ট্ৰফীত যোগ্যতা অৰ্জনৰ যুঁজ । জানিবপৰা মতে  ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত খেলিব আফগানিস্তানে । এই কথা নিশ্চিত হৈ পৰে সোমবাৰে শ্ৰীলংকা পৰাজিত হোৱাৰ লগে লগে । আইচিচি বিশ্বকাপ চলি থকাৰ মাজতে ঘোষণা কৰে যে বিশ্বকাপৰ লীগ তালিকাৰ প্ৰথম ৭টা দলে চেম্পিয়ন ট্ৰফীলৈ যোগ্যতা অৰ্জন কৰিব  । যিহেতু পাকিস্তানে আয়োজক দেশ হিচাপে খেলিব ,অন্য ৭টা দলে সুযোগ পাব চেম্পিয়ন ট্ৰফী খেলাৰ । বিশ্বকাপত প্ৰথম ৭টা স্থানৰ ভিতৰত থকাৰ অহৰহ চেষ্টা চলাইছে প্ৰতিটো দলেই । যদিহে পাকিস্তান ৭টা দলৰ ভিতৰত থাকে , অষ্টম দলটোৱে চেম্পিয়নছ লীগ খেলাৰ সুযোগ পাব । ইয়াৰ পৰৱৰ্তীসময়ত আফগানিস্তানে ৭খন মেচ  খেলি ৮ পইণ্ট লাভ কৰিছে সেয়েহে বিশ্বকাপৰ ৮টা দলৰ ভিতৰত থকাটো নিশ্চিত , যাৰ পৰিপ্ৰেক্ষিতত ২০২৫চনৰ চেম্পিয়নছ ট্ৰফীৰ জৰিয়তে প্ৰথমবাৰৰ বাবে খেলখনত অংশগ্ৰহণ কৰিব আফগানিস্তানে । বিশ্ব ক্ৰিকেট জগতৰ আফগানিস্তানৰ দলটোৰ বাবে এয়া এক বিৰল ইতিহাস । 

Leave a Reply

Your email address will not be published. Required fields are marked *