২০২৩ৰ এদিনীয়া বিশ্বকাপ

Share

আজি এদিনীয়াকৈ বিশ্বকাপৰ দুখনকৈ খেল অনুষ্ঠিত হ’ব।ধৰমশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এচচিয়েচনৰ খেলপথাৰত পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হৈছে মেচখন।শৃংখলাটোৰ সপ্তম আৰু আজিৰ দিনটোৰ প্ৰথম মেচখনত যোৱাবাৰৰ বিশ্ববিজয়ী দল ইংলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব বাংলাদেশ।আনহাতে প্ৰথমখন মেচতেই নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজিত হৈছিল ইংলেণ্ডৰ দল।ইয়াৰোপৰি তৃতীয়খন মেচত আফগানিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰে বাংলাদেশে।
         আনহাতে যোৱাটো সোমবাৰে আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ষষ্ঠখন মেচত বিগত বৰ্ষৰ ফাইনেলিষ্ট দল নিউজিলেণ্ডৰ বিৰুদ্ধে খেল পথাৰত নামিছিল নেদাৰলেণ্ডৰ দল।হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত বি মেচখনত ৯৯ ৰাণত জয় লাভ কৰে কিৱি বাহিনীয়ে।উল্লেখ্য যে শৃংখলাটোৰ অষ্টমখন আৰু আজিৰ দিনটোৰ দ্বিতীয়খন মেচত সমুখত নামিব পাকিস্তান আৰু শ্ৰীলংকা।বিয়লি ২ বজাৰ পৰা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় খেলপথাৰত আৰম্ভ হৈ আছে এই হাই ভল্টেজ মেচখন।ইতিমধ্যে নেদাৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাটোৰ দ্বিতীয়খন মেচত জয়লাভ কৰিছে পাকিস্তানে।ইয়াৰ বিপৰিতে শৃংখলাটোৰ চতুৰ্থখন মেচত দক্ষিণ আফ্ৰিকাৰ লগত ১০২ ৰাণৰ এক বৃহ९ ব্যৱধানত পৰাস্ত হয় শ্ৰীলংকাৰ দল।  

Leave a Reply

Your email address will not be published. Required fields are marked *