ছিক্কিমত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ

Share

 ছিক্কিমত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ।ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হৈছে প্ৰবল বানৰ। প্ৰচণ্ড বানে খহাই নিলে ৰাজপথ আৰু যাৰ ফলত আবদ্ধ হৈ পৰিছে বহু যান-বাহন।ইয়াৰোপৰি ভয়ংকৰ বানৰ ফলত সন্ধানহীন হৈছে ২৩ জনকৈ সেনা জোৱান।বাৰদাঙৰ ছিংতামৰ পৰা সন্ধানহীন হৈছিল এইকেইজন সেনা জোৱান।ইতিমধ্যে সেনা জোৱানক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও সেনা জোৱান কেইজনৰ কোনো সন্ধান পোৱা নাই।লাচেন ভেলীৰ তিষ্টা নৈয়ে লোৱা ভয়ংকৰ ৰূপে হঠা९তেই তচনচ কৰি নিলে ছিক্কিম।প্ৰবল বানৰ বাবে ছিক্কিমৰ দুখন জিলাত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে।ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙেও চিংটামত আকস্মিক বানপানীৰ পিছত পৰিস্হিতিৰ বুজ লৈছিল।জানিব পৰা মতে,চুংথাং বান্ধৰ পৰা হঠা९তে পানী এৰি দিয়াৰ কাৰণে পানীৰ স্তৰ ১৫-২০ ফুট উচ্চতালৈ বৃদ্ধি পাইছিল।নিশা ১:৩০ বজাত এই ঘটনা সংঘটিত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *