পাহৰি গ’ল কানাডাই ১৯৮৫ চনৰ সেই ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণ

Share
গুৱাহাটী,১৯ ছেপ্টেম্বৰ: কানাডাৰ পৰা পৰিচালনা কৰি থকা খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা কৰাৰ পাছতেই কানাডাৰ প্ৰধান মন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ইয়াৰ আঁৰত ভাৰত চৰকাৰৰ আছে বুলি অভিযোগ উত্থাপন কৰিছে। জাষ্টিন ট্ৰুডোৱে ইয়াৰ আগতেও খালিস্তানী সমৰ্থক সকলক লৈ নিজৰ দৰদ প্ৰদৰ্শন কৰি আহিছে । ভাৰতৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা কানাডাস্থিৰ খালিস্তান সমৰ্থক সকলক লৈ অদ্যপি কিন্তু কানাডা চৰকাৰে লোৱা নাই কোনো সিদ্ধান্ত । বৰং এতিয়া ভাৰতৰ ওপৰতহে দোষ জাপি দিব বিচাৰিছে । ট্ৰুডোৰ এই মন্তব্যৰ পিছতেই ভাইৰেল হ’ল এখন ছবি য’ত ১৯৮৫ চনৰ ভয়াবহ বিমান দুৰ্ঘটনাত নিহত কানাডাৰ নাগৰিক সকলৰ নিথৰ দেহবোৰ পৰি থকা পৰিলক্ষিত হৈছিল ।
১৯৮৫ চনৰ ২৩ জুনত টৰন্ট’ৰ পৰা লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমা বিস্ফোৰণ সংঘটিত হৈছিল । বিমানখনত থকা ৩২৯ জন লোকৰ মৃত্যু হয়, ইয়াৰে অধিকাংশ লোকেই আছিল কানাডিয়ান । বোমা বিস্ফোৰণৰ ভিতৰত কানাডাৰ ইতিহাসৰ এইটো আটাইতকৈ ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ আছিল । তদন্তৰ পিছত পোহৰলৈ আহিছিল এই ষড়যন্ত্ৰ আৰত থকা শিখ উগ্ৰপন্থী আৰু খালিস্তানী বিচ্ছিন্নতাবাদী গোট বাব্বৰ খালছাৰ নাম । দেশৰ নাগৰিক সকলৰ বাবে শত্ৰু খালিস্তানী সমৰ্থক সকলক শাস্তি দিয়াৰ পৰিৱৰ্তে এতিয়া কানাডা চৰকাৰে তেওঁলোকক আশ্ৰয় দিয়াহে পৰিলক্ষিত হৈছে ।
উল্লেখ্য যে বিগত জুন মাহত কানাডাত খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰৰ কানাডাত মৃত্যু হৈছিল। কানাডাৰ প্রধানমন্ত্ৰী জাষ্টিন ট্রুডোৱে এই ঘটনাত এজন ভাৰতীয় কূটনীতিবিদ জড়িত বুলি দাবী কৰে। আৰু তাৰ পিছত কানাডা চৰকাৰে এজন ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিলে। ইয়াৰ বাবে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক অৱনতি ঘটিব বুলি আশংকা কৰা হৈছে। ইফালে কানাডাৰ এই কাৰ্যৰ পৰিপ্ৰেক্ষিতত ভাৰতেও আজি পুৱা কানাডাৰ এজন উচ্চ পদস্থ কূটনীতিবিদক বহিষ্কাৰ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *