মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক লৈ উত্তাল অসম বিধান সভা

Share
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰী বিষয়টোক কেন্দ্ৰ কৰি বিধানসভাৰ‌ শেষৰ দিনটোত শুকুৰবাৰে সদনৰ‌ মজিয়া পুনৰ উত্তাল হৈ পৰে । সদনত বসুন্ধৰা ১ আৰু বসুন্ধৰা ২ সন্দৰ্ভত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই সোধা লিখিত প্ৰশ্নৰ উত্তৰ ৰাজহ মন্ত্ৰী যোগেন‌ মহনে দাখিল কৰাৰ‌ সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰী বিষয়টো চৰ্চালৈ আহে ।
কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই ‘‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’’ আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ১০ কোটি টকাৰ ৰাজ সাহায্য লাভ কৰা আৰু নগাঁৱৰ কলিয়াবৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি ক্ৰয় কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত মন্ত্ৰী যোগেন‌ মহনৰ‌ পৰা উত্তৰ বিচাৰে । লগে লগে বিষয়টোত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে হস্তক্ষেপ কৰে ।তাৰ‌ পিচত কংগ্ৰেছৰ বিধায়কসকল আৰু বিধায়ক‌ অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ চৰ্চিত ভূমি কেলেংকাৰীৰ তদন্ত বিচাৰি সদনৰ‌ মজিয়া উত্তাল‌ কৰি তোলে । কিছু ‌সময় ধৰি‌ সদনৰ মজিয়া শাসক বিৰোধীৰ বাক যুদ্ধৰে উত্তাল‌ হৈ থাকে । অৱশেষত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদন ৩০ মিনিটৰ বাবে স্থগিত কৰে ।৩০ মিনিটৰ পিচত সদন পুনৰ আৰম্ভ হয় ৷ অধ্যক্ষৰ আসনত বহি উপাধ্যক্ষ নোমল মমিনে অধিবেশন পৰিচালনা কৰিবলৈ আগবাঢ়ে যদিও কিছু সময় পাচতেই বিৰোধীয়ে পুনৰ উত্তাল কৰে সদন ৷ ফলত দ্বিতীয়বাৰৰ বাবে ১০ মিনিট আৰু তৃতীয়বাৰৰ বাবে ১৫ মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰিবলৈ বাধ্য হয় উপাধ্যক্ষ নোমল মমিন ৷উল্লেখ্য যে, নগাঁও জিলাৰ কলিয়াবৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ক্ৰয় কৰিছে ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি । উত্থাপিত অভিযোগ অনুসৰি এই কৃষিভূমি একে দিনতে, একেখন পথাৰত, একেটা প্লটতে, একেটা কোম্পানীয়ে ক্ৰয় কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *