লণ্ডনত শ্বুটিং কৰা হ’ব নতুন অসমীয়া চলচ্চিত্ৰ চিকাৰৰ 

Share
গুৱাহাটী,১৫ ছেপ্টেম্বৰ:অসমীয়া চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে সু-খবৰ। সুদীৰ্ঘ সময়ৰ পিছত পুনৰ অসমীয়া চলচ্চিত্ৰই তোলপাৰ লগাবলৈ সক্ষম হৈছে । শেহতীয়াকৈ দৰ্শকৰ মাজত আলোড়ন সৃষ্টি কৰা যতীন বৰাৰ ৰত্নাকৰ ছবিৰ লগতে ৰবি শৰ্মা অভিনীত শ্ৰী ৰঘূপতিৰ অভূতপূৰ্ব সফলতাই পুনৰ নতুন উৎসাহৰ সঞ্চাৰ কৰিছে অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজত ।
চলিত বৰ্ষৰ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব যতীন বৰাৰ বহু চৰ্চিত “ৰাঘৱ” । পিছপৰি ৰোৱা নাই যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ । বৰ্তমান জুবিন গাৰ্গ ব্যস্ত পৰিচালক দেবাংগ বুঢ়াগোহাঁইৰ দ্বাৰা পৰিচালিত “চিকাৰ”ৰ দৃশ্য গ্ৰহণত । ছবিখনত জুবিন গাৰ্গে এজন চাহ জনগোষ্ঠীয় যুৱকৰ চৰিত্ৰত অভিনয় কৰিছে। লগতে নায়িকাৰ ৰূপত দেখা যাব মন্ত্ৰী যোগেন মহনৰ কন্যা ধ্যনী মহনক। ছবিখনৰ ৮০ শতাংশ কাম সমাপন কৰা হʼব লন্ডনত ।

Leave a Reply

Your email address will not be published. Required fields are marked *