ৰাজ্যৰ শিক্ষাৰ্থীসকলে গুণোৎসৱৰ জৰিয়তে অ’এমআৰ শ্বীটৰ সাম্যক ধাৰণা লাভ কৰাৰ হেতুকে ২০২৪ বৰ্ষত ৫০ শতাংশ প্ৰশ্নোত্তৰৰ বাবে অ’এম আৰ শ্বীটৰ ব্যৱস্থা কৰা হ’ব বুলি ছেবাই ঘোষণা কৰে। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলে এই সুবিধা ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ বাবেহে লাভ কৰিব।
২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবেএই সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই। মঙলবাৰে ছেবাৰ অধ্যক্ষই বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ জাৰি কৰা এক জাননী অনুসৰি ২০২৪ বৰ্ষৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব লগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থীয়ে অ’এম আৰ শ্বীটযোগে পৰীক্ষাত অৱতীৰ্ণ হ’ব।
অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলে এই সুবিধা ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত ৫০ শতাংশ প্ৰশ্ন অৱজেকটিভ টাইপ হোৱাৰ সমান্তৰালভাবে উত্তৰ বহী ১৬টা পেজত অন্তৰ্ভুক্ত হ’ব বুলি জাননীত উল্লেখ আছে।