গহপুৰৰ মেইলবজাৰত ভয়ংকৰ অগ্নিকাণ্ড

Share

মঙলবাৰে নিশা গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত মেইলবজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডত গোবিন্দ প্ৰধান নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ৷ জানিব পৰা মতে লোকজনৰ গেৰেজত থকা এখন টাটা মেজিক বাহন, এখন স্কুটীৰ লগতে সকলো সা-সম্পত্তি , নথিপত্ৰ আদি জুইত জাহ যায় ৷ স্থানীয় ৰাইজে বৈদুতিক চৰ্ট-চাৰ্কিটৰ  ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে ৷ আন একাংশ ৰাইজে টাটা মেজিক গাড়ীখনৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে ৷ অগ্নিনিৰ্বাপক বাহিনীৰ লগত যোগাযোগ কৰা হৈছিল যদিও তাৰ আগতে লোকজনৰ বাসগৃহৰ লগতে সকলো সা-সম্পদ সম্পূৰ্ণ ৰূপে জুইত ভষ্মীভূত হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *