মাজুলীত হ্ৰাস পোৱা নাই ব্ৰক্ষ্মপুত্ৰৰ জলস্তৰ

Share

দিনে দিনে মাজুলীত বৃদ্ধি পাই আহিছে ব্ৰক্ষ্মপুত্ৰৰ জলপৃষ্ট । বিপদ সীমা অতিক্ৰম কৰি ওপৰলৈ পানী বৈ যোৱাৰ ফলত যোৱা দেওবাৰৰ পৰা ঘাটসমূহত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰী সেৱা বন্ধ আছে ৷ বৰ্তমান সময়চোৱাত ফেৰী সেৱা বন্ধ হৈ থকাত মাজুলীবাসীয়ে অহা-যোৱা কৰাত যথেষ্ট কষ্টত ভুগিব লগা হৈছে  ৷ এগৰাকী গৰ্ভৱতী ৰোগীক মাজুলীৰ পৰা যোৰহাটলৈ প্ৰেৰণ কৰাত মহিলাগৰাকী তথা পৰিয়ালে যমৰ-যাতনা ভুগিব , যোৰহাট আৰু মাজুলীৰ ৰোগীসকলৰ একমাত্ৰ যাতায়ত যোগাযোগ সেৱা হৈছে ১০৮ নৌকা এম্বুলেঞ্চ ৷ সেয়াও এতিয়া বিপদৰ সন্মুখীন হব লগা হৈছে ৷ ফেৰী ৰখোৱা ৰেম্প্ সম্পূৰ্ণ ৰূপে ডুব যোৱাৰ ফলত ১০৮ বাহন ৰখোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় ৷ ইপিনে মাজুলীৰ নৈপৰিয়া অঞ্চলটো ভদীয়া বানৰ কবলত পৰাৰ ফলত বিদ্যালয়সমূহ বন্ধ কৰা হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *