জামুগুৰিহাটত পথ দুৰ্ঘটনা , লগে-লগে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ

Share

এখন বাইকত জামুগুৰিহাটত নৱনিৰ্মিত ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি থকা দুই যুৱকে নিয়ন্ত্ৰন হেৰুৱাই পথৰ ডিভাইদাৰত খুন্দা মাৰে ৷ দেওবাৰে নিশা হোৱা এই ভয়ংকৰ পথ দূৰ্ঘটনাৰ ফলত দুয়োজন যুৱক গুৰুতৰভাৱে আহত হয়৷
স্হানীয় ৰাইজে ততাতয়াকৈ দুয়োজন যুৱককে ১০৮ এম্বুলেঞ্ঝ সেৱাৰ জৰিয়তে ওচৰৰে উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়ত আহত অৱস্হাত দুয়োজনক ভৰ্তি কৰায় ৷ চিকিৎসকে লগে-লগে স্বাস্হ্য পৰীক্ষা কৰাত এজনৰ অৱস্হা অতি সংকটজনক হোৱা দেখি উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *