দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ সন্মিলন সামৰি আৰু গ্ৰীচ ভ্ৰমণ কৰি আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বদেশৰ মাটিত ভৰি থৈয়ে বিমানবন্দৰৰ পৰা পোনেপোনে বাংগালুৰুত থকা ইছৰো টেলিমেট্ৰিক ট্ৰেকিং এণ্ড কামাণ্ড নেটৱৰ্কত উপস্থিত হয় । প্ৰধামন্ত্ৰীগৰাকী ইছৰোৰ কাৰ্যালয়ত উপস্থিত হোৱাত ইছৰোৰ মুৰব্বী এছ সোমনাথ আৰু অন্যান্য বিজ্ঞানীসকলে আই এছটিআৰএচিত তেঁওক আদৰণি জনায়৷
“জয় জোৱান জয় কিষাণ,জয় বিজ্ঞান,জয় অনুসন্ধান,”বাক্যশাৰিৰে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাই আৰু লগতে কয়-‘কেৱল ভাৰতীয়ই নহয়, বিজ্ঞানত বিশ্বাস কৰা বিশ্বৰ প্ৰতিজন লোকেই ভাৰতৰ সফলতাত উ९সাহিত হৈছে’৷