ভাৰত তথা দেশবাসীৰ বাবে এক বিশেষ দিন।এই দিনটোতেই ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ৰ সফল অৱতৰণ হয় চন্দ্ৰপৃষ্টত।
উল্লেখযোগ্য যে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ইছৰো মুৰব্বী এছ. সোমনাথে চন্দ্ৰযান-৩ৰ সফলতাত আনন্দ প্ৰকাশ কৰাৰ লগতে বিজ্ঞানীসকলক কৃতিত্ব দিয়ে।লগতে ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে আগন্তক সময়ত ইছৰোৰ মহাকাশ যানে মংগল গ্ৰহটো অৱতৰণ কৰিব।
আনহাতে,ইছৰোৰ মুৰব্বীয়ে কয় যে ভাৰতে মাত্ৰ দুটা অভিযানত সফলতা অৰ্জন কৰিছে।চন্দ্ৰত অৱতৰণৰ প্ৰথম প্ৰয়াস কৰিছিল চন্দ্ৰযান-২য়ে।কিন্ত শেষ মুহূৰ্তত বিফল হল সেই অভিযান।কিন্ত তাৰ বিপৰীত দেখা গল চন্দ্ৰযান-৩ ।চন্দ্ৰযান-১ ৰ উদ্দেশ্য আছিল চন্দ্ৰৰ কক্ষপথত কেৱল এটা মানৱবিহীন মহাকাশযান স্থাপন কৰা। লগতে তেওঁ কয় যে, এই সফলতাই আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাহিৰেও পৰৱতী সময়ত আমাৰ মহাকাশযান মংগল গ্ৰহলৈও যাব।এটা সময়ত চন্দ্ৰযান-১ গ্ৰহত কোমল অৱতৰণ হোৱাৰ লগতে ভৱিষ্যতে শুক্ৰ আৰু অন্যান্য গ্ৰহতো এয়া চেষ্টা কৰা হব।