সোমবাৰে বিচিচি আয়ে সমাগত হবঃ খেলুৱৈৰ তালিকা সন্দৰ্ভত গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়াঃ
সোমবাৰে বিচিচিআই সমাগত এছিয়া কাপ ২০২৩ ৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোৰ খেলুৱৈৰ নাম ঘোষণা কৰিছে। ঘোষিত দলটোত ৩ গৰাকীকৈ বাঁওহতীয়া বেটছমেনক অন্তৰ্ভুক্ত কৰাক লৈ অনুৰাগী আৰু বিশেষজ্ঞ উভয়ৰে মাজত সৃষ্টি হৈছে নানা প্ৰতিক্ৰিয়াৰ ।
গৌতম গম্ভীৰে এই ধাৰণাক সম্পূৰ্ণৰূপে উলাই কৰি কয় যে, এছিয়া কাপ আৰু আইচিচি বিশ্বকাপ ২০২৩ৰ আগত খেলুৱৈৰ সংখ্যাৰ ওপৰত নহয় গুণগত মানৰ ওপৰত গুৰুত্ব দিয়া উচিত।
তৰুণ খেলুৱৈ তিলক বৰ্মাৰ বাছনি সন্দৰ্ভত গৌতম গম্ভীৰে কয় যে, যদি তেওঁক বাছনি কৰা হৈছে তেন্তে অৱশ্যেই তেওঁ কেইখনমান মেচ খেলিবলৈ পোৱা উচিত। আনহাতে যদি তেওঁ আন বেটাৰতকৈ ভাল প্ৰদৰ্শন কৰে, তেন্তে নিশ্চিতভাৱে তেওঁক দলত স্থান দিয়া উচিত। কাৰণ খেলুৱৈসকলৰ প্ৰদৰ্শনৰ মানদণ্ড অতি গুৰুত্বপূৰ্ণ।
বেটাৰজন বাওঁহাতৰ নে সোঁহাতৰ সেইয়া প্ৰয়োজনীয় নহয় আৰু দলটোত ৩ জন বাওঁহতীয়া বেটাৰৰ সন্দৰ্ভত কৰা বিতৰ্ক অপ্ৰয়োজনীয় বুলি মন্তব্য কৰে গৌতম গম্ভীৰ।
তেওঁ লগতে কয় যে, ভাল ফৰ্মত থকা খেলুৱসকলক দলত লোৱা উচিত। কেৱল তিলক বৰ্মাই নহয়, যদি শ্ৰেয়াছ আয়াৰ বা কে এল ৰাহুলৰ ফৰ্ম ভাল, তেন্তে তেওঁলোককো বাছনি কৰা উচিত। বাওঁহাতৰ খেলুৱৈৰ প্ৰয়োজনীয়তাৰ বিতৰ্ক সন্দৰ্ভত তেওঁ কয় যে, বাওঁহাতৰ খেলুৱৈ এজনক দলত ৰাখিব লাগিব বা লাইন আপত তিনিজন বাওঁহাতৰ খেলুৱৈ থাকিবই লাগিব বুলি কোনো নিয়ম নাই ।