সংখ্যালঘু ছাত্ৰ বৃত্তৰ নামত ১০০ কোটি টকাৰ কেলেংকাৰী

Share

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত যি ১০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল, সেই কেলেংকাৰীৰ তদন্তৰ ভাৰ এতিয়া কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা বিভাগে চিবিআইক অৰ্পণ কৰিছে।অসমৰ ধুবুৰী, গোৱালপাৰা, দৰং, বৰপেটা, নগাঁও, মৰিগাঁও, গোলাঘাট, কামৰূপ আদি জিলাত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত বৃহ९ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে। বহু ভুৱা শিক্ষা প্ৰতিষ্ঠানৰ জৰিয়তে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ নামত ধন উলিয়াই আত্মসা९ কৰিছিল দুষ্টচক্ৰই। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে উদালগুৰি জিলাৰ ৰৌতাত উপস্থিত হৈ অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে।

আমছুৰ নেতাগৰাকীৰ মতে, এই কেলেংকাৰীৰ লগত চৰকাৰৰ বহু আমোলা-বিষয়া জড়িত হৈ আছে আৰু যাৰ বাবে বহু ৰৌ-বৰালীৰ মুখা খোল খোৱাৰ ভয়ত ৰাজ্য চৰকাৰে তদন্তৰ নামত ভেকোঁভাওনা কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱ নেতাগৰাকীয়ে। ৰাজ্য চৰকাৰৰ তদন্তত কেৱল কেইজনমান বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু শিক্ষকক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰাৰ গুৰুত্বৰ অভিযোগ আমছুৰ। দুখীয়া ছাত্ৰ-ছাত্ৰীৰ নামত অহা ছাত্ৰ বৃত্তিৰ ধন আত্মসা९ কৰা দুষ্টচক্ৰক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *