অসমৰ চাহ উদ্যোগলৈ বৃহৎ প্ৰত্যাহ্বান, ১৫খন বাগিচা বিক্ৰীৰ পৰিকল্পনা 

Share

অসমৰ চাহ পাত বিশ্ব বিখ্যাত। তেনেক্ষেত্ৰত ইতিহাস হোৱাৰ পথত অসমৰ চাহ উদ্যোগ। বৃটিছে গড়ি থৈ যোৱা চাহ উদ্যোগলৈ আহিছে ভয়াৱহ সংকট। এই চাহ উদ্যোগটোৰ  বয়স কবলৈ গ’লে ১৬০ বছৰতকৈ কম নহব। ১৬০ বছৰীয়া উদ্যোগটোলৈ ভাবুকি কঢ়িয়াই বহুজাতিক প্ৰতিষ্ঠানে। চাহ উৎপাদনত লোকচানৰ সন্মুখীন হোৱা বুলি অযুহাত দেখুওঁৱাই কলকাতাস্থিত বহু কোম্পানীয়ে অসমৰ চাহ বাগিচাৰসমূহ বিক্ৰি কৰিবলৈ আৰম্ভ কৰাত অনিশ্চিত ভৱিষ্যতৰ আশংকাত চাহ শ্ৰমিকসকল। 

এই কথা এতিয়া অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষানেও মানিবলৈ বাধ্য হৈছে। উল্লেখ যোগ্য যে তিনিচুকীয়াৰ তালাপৰ APJT য়ে ১৭খন চাহ বাগিছাৰ ১৬খনে বিক্ৰী কৰি দিছে। আৰু কলকাতাৰ মেকলয়ডৰ ৩৩খন বাগিচাৰ ১৫খনেই বিক্ৰীৰ পৰিকল্পনা কৰিছে।  APJT য়ে চাহ বাগিচাসমূহ বিক্ৰী কৰিবলৈ লোৱাৰ পিছত চাহ শ্ৰমিকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। শ্ৰমিকসকল মাহৰ পিছত মাহ ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ পৰিছে শ্ৰমিক-কৰ্মচাৰীসকল। 

Leave a Reply

Your email address will not be published. Required fields are marked *