দুৰ্নীতি শূন্য সহনশীলতাৰ নমুনাঃ ৰাকেশ পালৰ আশীৰ্বাদপুষ্ট বিষয়াক NIA ৰ দায়িত্ব…

Share

দুৰ্নীতি শূন্য সহনশীল নীতি কেৱল মাত্ৰ এক শ্লোগান ! দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা, দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়াৰ কথা কোৱা চৰকাৰৰ বৰ ঘৰতেই চলিছে দুৰ্নীতিৰ বজাৰ।

নিয়মমাফিক দুই এজন ঘোচখোৰ বিষয়াৰ হাত দাঙিয়েই যেন দায়িত্ব সামৰিছে চৰকাৰ, প্ৰশাসনে। দুৰ্নীতিৰ কথাৰে শূন্যত গদা ঘূৰাই থকা ৰাজ্য চৰকাৰৰ প্ৰকৃত স্বৰূপ উন্মোচিত হৈছে ১১ আগষ্ট ২০২৩ ত ৰাজ্যৰ গৃহ বিভাগৰ সচিব দেৱ প্ৰসাদ মিশ্ৰয় স্বাক্ষৰ কৰা এখন নিৰ্দেশনাৰ জৰিয়তে।

এই নিৰ্দেশনাৰ জৰিয়তে ৰাজ্যৰ গৃহ বিভাগে এগৰাকী এ পি এছ বিষয়াক নিযুক্তি দিছে NIA ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে। পিছে এইগৰাকী নৱ নিযুক্তি নিয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ যোগ্যতাই এতিয়া সকলোৰো চকু কপালত তুলিছে।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈও অসমৰ্থ হোৱা দক্ষতাৰে পৰিপূৰ্ণ এইগৰাকী এ পি এছ বিষয়াক কাৰ আশীৰ্বাদত আৰু কি অন্তৰ্নিহিত উদ্দেশ্যত এই দায়িত্ব দিয়া হ’ল সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন।

Leave a Reply

Your email address will not be published. Required fields are marked *