আজি পেটুৱা আৰক্ষীৰ অগ্নিপৰীক্ষাঃ প্ৰতিখন জিলা সদৰত BMI টেষ্ট

Share
আজি পেটুৱা আৰক্ষীৰ বাবে হ’ব অগ্নীপৰীক্ষা। অসম আৰক্ষীত চাকৰী কৰিলেই নহব এতিয়াৰে পৰা আৰক্ষীসকল হ’ব লাগিব ফিট এণ্ড ফাইন। ইতিমধ্য়ে আৰক্ষীৰ শীৰ্ষ মহলে প্ৰতিখন জিলা সদৰত টেষ্টৰ ব্যৱস্থা কৰিছে। গুৱাহাটীৰ কাহিলীপাৰা চতুৰ্থ অসম আৰক্ষী বেটেলিয়ান চৌহদত হ’ব BMI টেষ্ট। 
যোৱা কিছুদিন পূৰ্বে আৰক্ষী প্ৰধান সঞ্চালক জি.পি. সিঙে এই সন্দৰ্ভত উল্লেখ কৰি উনুকিয়াইছিল যে- পেটুৱা আৰক্ষীসকলে ”নহয় পেট কমাব লাগিব, নহয় চাকৰিৰ পৰা অব্যাহতি লব লাগিব”। আৰু জি.পি. সিঙে তাৰ বাবে আৰক্ষীসকলক শাৰীৰিকভাৱে ব্যায়াম কৰিবলৈ আহ্বান জনাইছিল। তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল যে বিভিন্ন প্ৰান্তত অনুশীলন কৰা দেখা গৈছিল। আৰু, এইসকল আৰক্ষীৰে হব আজি অগ্নীপৰীক্ষা। এতিয়া কব লাগিব যে কোন আৰক্ষী পৰীক্ষাত কোন উত্তীৰ্ণ হব! কোন অনুত্তীৰ্ণ হব!
 শাৰীৰিক পৰীক্ষা কৰাৰ পাছত তেওঁ ফিট এণ্ড ফাইন হয় তেন্তে এখন certificate দিয়া হব। আৰু যদিহে নহয় তেন্তে পৰৱৰ্তী সময়ত তিনিমাহ সময় দিয়া হব অনুশীলন কৰিবলৈ তেওঁক ফিট এণ্ড ফাইন কৰি তুলিব লাগিব অন্যথা অসম আৰক্ষীৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব। তাৰ বাবে তালিকাও প্ৰকাশ কৰিছে। প্ৰায় ৬০০ আৰক্ষী বিষয়াৰ তালিকা প্ৰস্তুত কৰিছিল যিসকল ফিট নহয়। ইতিমধ্যে জি.পি.সিঙো এই পৰীক্ষাত অৱত্তীৰ্ণ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *