বন্ধ কৰা নহয় নামৰূপ ব্ৰক্ষ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেডৰ সাৰ কাৰখানা প্ৰকল্প

Share

অসমৰ নামৰূপত থকা ব্ৰক্ষ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেডৰ ( BVFCL) সাৰ কাৰখানা বন্ধ কৰা নহয়। মঙলবাৰে কেন্দ্ৰীয় কেবিনেট বৈঠকৰ পিছত কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰ আৰু সৰ্বানন্দ সোণোৱাল মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয়। উক্ত বৈঠকখনত অসমৰ সাৰ কাৰখানাটোৰ ওপৰত গুৰুত্ব সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী দুয়োগৰাকীৰ মাজত বিতং আলোচনা হয়। লগতে কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই এই বিষয়টোৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতেও আলোচনা কৰে।

উক্ত আলোচনাৰ পিছতে মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই স্পষ্ট কৰি দিয়ে যে, কোনোপধ্যেই বন্ধ কৰা নহয় অসমীয়া জাতীয় উদ্যোগ নামৰূপ ব্ৰক্ষ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড প্ৰকল্পটো, বৰং আধুনিকীকৰণহে কৰা হ’ব।

ইয়াৰ উপৰিও এটা নেনো ইউৰিয়া প্লান্ট প্ৰকল্প স্থাপন কৰা হ’ব তাত কৰ্মসংস্থাপন লাভ কৰিব  সেই অঞ্চলৰ লোকসকলে । তাত উৎপাদিত ইউৰিয়া আৰু নেনো ইউৰিয়া অসম, উত্তৰ- পূব আৰু পশ্চিম বংগৰ কৃষকসকলৰ বাবে শস্য উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত উপযোগি হ’ব। 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *