আজি দিল্লীত বিশাল পৰিসৰৰ এন ডি এৰ প্ৰথমখন বৈঠকঃ অংশ ৩৮ টা সহযোগী দলে

Share

২০২৪ চনৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিক ক্ষমতাচুত্য কৰাৰ উদ্দেশ্য বেংগালুৰুত দুদিনীয় কাৰ্যসূচীৰে ২৬ টা দলৰ সৈতে মিলিত হয় দেশৰ আগশাৰী বিৰোধী ৰাজনৈতিক দল। 

বিৰোধীয়ে ২৬ টা দলৰে প্ৰৰ্দশন কৰাৰ পিছতে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ১৮ জুলাইত দিল্লীত ৩৮ দলক একত্ৰিত কৰি NDA য়ে আয়োজন কৰে এক সহযোগী বৈঠক। এন ডি এৰ দুদিনীয়া বৈঠকখনত যুটীয়াভাৱে অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।

এন ডি এৰ আয়োজিত উক্ত বৈঠকত অংশ ল’ব বিজেপি লগতে সহযোগী দলসমূহে। লগতে দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ বৈঠকৰ লগত সংগতি ৰাখি বিজেপিৰ বৰ্তমানৰ আৰু নতুন মিত্ৰ দলে যোগদান কৰিব বুলি জে পি নাড্ডাই প্ৰকাশ কৰে। ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত এইখনে বিশাল পৰিসৰৰ এন ডি এৰ প্ৰথমখন বৈঠক হিচাপে বিবেচিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *