বাংগালুৰুত বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ নতুন ৰণনীতিঃ ২ দিনীয়া যুটীয়া বৈঠকৰ বাবে একত্ৰিত বিৰোধী দল

Share

আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে ভাৰতৰ আগশাৰীৰ বিজেপি বিৰোধী দলসমূহ। বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে আজি বাংগালুৰুত ২ দিনীয়া যুটীয়া বৈঠকৰ বাবে একত্ৰিত হ’ব বিৰোধী দলসমূহ। ১৭ আৰু ১৮ জুলাইত অনুষ্ঠিত দুদিনীয়া কাৰ্যসূচীৰে বাংগালুৰুৰ তাজ ৱেষ্ট এণ্ড হোটেলত মিলিত হব বিৰোধী দল। বিজেপি চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ মৰ্চা উপস্থাপনৰ প্ৰচেষ্টাৰ অংশ হিচাপে দেশৰ কমেও ২৬ টা বিৰোধী দলৰ নেতাসকলে এই বৈঠকত  অংশগ্ৰহণ কৰিব। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী মিত্ৰজোঁটৰ বাবে এখন উপ-সমিতি গঠন কৰিব কৰাৰ লগতে এক উমৈহতীয়া সিদ্ধান্ত গ্ৰহণ কৰিব বিৰোধী দলসমূহে। 

দুয়োখন যুটীয়া বিৰোধী বৈঠকত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, আম আদমী পাৰ্টি, ঝাৰখণ্ড মুক্তি মৰ্চা, শিৱসেনা (ইউবিটি), ৰাষ্ট্ৰীয় জনতা দল, জনতা দল (ইউনাইটেড) আদিকে ধৰি বহুতো বিৰোধী দলৰ এই বৈঠকত যোগদান কৰাৰ সম্ভাৱনা আছে। 

উল্লেখ্য যে, কংগ্ৰেছে আয়োজন কৰা এই বৈঠকত ছোনিয়া গান্ধী, তেজস্বী যাদৱ, নীতিশ কুমাৰ আদি উপস্থিত থাকিব। ইয়াৰ উপৰিও কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক বৈঠকৰ সকলো প্ৰস্তুতি নিৰীক্ষণ কৰাৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *