তিনিদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ আহিব ভাৰতীয় নিৰ্বাচন আয়োগ

Share

তিনিদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ আহি আছে ভাৰতীয় নিৰ্বাচন আয়োগ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ পুনৰ  বিবেচনা কৰিবলৈ অসমত তিনিদিনীয়া কাৰ্যসূচীৰে আহিব  দেশৰ নিৰ্বাচনী আয়োগ। বিগত ২০ জুনত  অসমৰ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ প্ৰথমখন  প্ৰস্তাবিত খচৰা প্ৰকাশ পাইছিল। ২০ জুনত প্ৰকাশিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনত ৰাজ্যৰ কেইবাটাও  সমষ্টিৰ সাল সলনি কৰা হৈছিল। লগতে কেইবাটাও সমষ্টিৰ বিলুপ্তকৰণ কৰা হয়। সমষ্টি পুনৰ  নিৰ্ধাৰণক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। 

তাৰ পৰিপ্ৰেক্ষিতত  দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ  নিৰ্ধাৰণক লৈ থকা ৰাইজৰ বিভিন্ন পৰামৰ্শ তথা  ওজৰ আপত্তি সমূহৰ শুনানী গ্ৰহণ কৰিব। নিৰ্বাচন আয়োগে ১১ জুলাইৰ ভিতৰত সকলোকে খচৰাকলৈ থকা ওজৰ আপত্তি দাখিল কৰাৰ সুবিধা প্ৰদান কৰিছিল। আৰু নিৰ্ধাৰিত সময় অনুসৰি  নিৰ্বাচন আয়োগে  প্ৰায় ৫০০ পৰামৰ্শ, ওজৰ-আপত্তি লাভ কৰিছিল ৷ এই সমূহ ওজৰ আপত্তিৰ উপৰিও নিৰ্বাচন আয়োগে অহা ১৯ জুলাইত ৭খন জিলাৰ সমষ্টিৰ স্থিতিক ভিত্তি কৰি  শুনানী গ্ৰহণ কৰিব ৷

১৯ জুলাইৰ ৩ বজাৰ পৰা কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওৰ শুনানী গ্ৰহণ কৰিব ৷ সমান্তৰালভাৱে, গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২০ জুলাইত  ৯ বাজি ৩০ মিনিটৰ পৰা  ১২বজালৈ ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, কৰিমগঞ্জ, হাইলাকাণ্ডি, কাছাৰৰ শুনানী গ্ৰহণ কৰিব ৷  ইয়াৰ পিছত  ১২ বজাৰ পৰা ২বজালৈ পুনৰ কামৰূপ, কামৰূপ(মেট্ৰ), নগাঁও, শোণিতপুৰ, মৰিগাঁও আৰু দৰঙৰ শুনানী কৰিব আৰু একেটা দিনতে বিয়লী ৩ বাজি ৩০মিনিটৰ পৰা শুনানী গ্ৰহণ কৰিব বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ ৷

তিনিদিনীয়া ভ্ৰমণসূচীৰ অন্তিম দিন অৰ্থ্যাৎ ২১ জুলাইত দেশৰ নিৰ্বাচন আয়োগে ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজী, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ, গোলাঘাট আৰু মাজুলীৰ শুনানী গ্ৰহণ কৰিব ৷

ভাৰতীয় নিৰ্বাচন আয়োগৰ এই শুনানী প্ৰক্ৰিয়াৰ পিছত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোত নিৰ্বাচন আয়োগে সামগ্ৰিকভাৱে  কিমান গুৰুত্ব দিব সেয়া অনাগত দিনত হ’ব লক্ষণীয় ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *