বিদ্যালয় চৌহদত নিষিদ্ধ হ’ল দল সংগঠনৰ সভা

Share

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়সমূহৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰস্তুত কৰিলে বিশেষ খচৰা বিধি। এতিয়া পৰাই বিদ্যালয়ৰ শিক্ষাৰ্থী প্ৰধান শিক্ষক, শিক্ষকে ধৰি বিদ্যালয়ৰ পৰিচালকে মানি চলিব লাগিব বহু গুৰুত্বপূৰ্ণ নিয়ম নীতি। শিক্ষকে সামাজিক মাধ্যমত দিব নোৱাৰিব আপত্তিজনক মন্তব্য আৰু শিক্ষকে কৰিব নোৱাৰিব ব্যক্তিগত টিউচন।

ইতিমধ্যে এই নিয়মসমূহ স্কুল ৰুল বুকত সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ উপৰিও স্কুল ৰুল বুকৰ জৰিয়তে প্ৰধান শিক্ষক, আৰু অধ্যক্ষৰ ওপৰত দায়িত্ব অৰ্পণ কৰাৰ বিপৰীতে শিক্ষকসকলে লিপ্ত হৈ থকা বিভিন্ন দল সংগঠনসমূহৰ ক্ষেত্ৰত আৰোপ কৰিলে বাধা নিষেধ। লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিলম্বন কৰিব পাৰিব শিক্ষকক। শিক্ষা বিভাগে কাৰ্যকৰী কৰা খচৰা বিধিত উল্লেখ কৰা অনুসৰি কোনো পৰিস্থিতিতে উচ্চ কৰ্তৃপক্ষই বিনা অনুমতিৰ অবিহনে বিদ্যালয়ৰ চৌহদত কোনো বাহিৰৰ দল সংগঠন অনুষ্ঠিত কৰিব নোৱাৰিব সভা সমিতি। তাৰ উপৰিও কোনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব ধৰ্ণা প্ৰতিবাদী আদি কাৰ্যসূচীত। এতিয়া শিক্ষা বিভাগৰ এনে খচৰাক লৈ শিক্ষা সমাজে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া হব লক্ষণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *