ৰণাংগনত নামিছে বিজেপিঃ ১২ ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত বিজেপিৰ ক্ষেত্ৰীয় বৈঠক

Share

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীয়ে। ১২ খন ৰাজ্যৰ ১৪২ খন আসনৰ‌ লক্ষ্য লৈ ২০২৪ ৰ বাবে সাজু বিজেপি। আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত হৈছে ক্ষেত্ৰীয় বৈঠক।  ১২ খন ৰাজ্যৰ ৰাজ্যিক সভাপতি, সাধাৰণ সম্পাদক, সংগঠন , প্ৰভাৰী আৰু মন্ত্ৰীসকলৰ সৈতে গুৱাহাটীত অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ ‌ ক্ষেত্ৰীয় বৈঠক ৷ বৃহস্পতিবাৰৰ পুৱা ১০ বজাৰ পৰা ৫ বজালৈ অব্যাহত থাকিব এই বৈঠক।

উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ উপৰিও চুবুৰীয়া পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যাকে ধৰি মুঠ ১২ খন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে এই বৈঠকত। এই বৈঠকত পূৱ ক্ষেত্ৰৰ ১২ খন ৰাজ্যৰ ৰাজ্যিক বিজেপিৰ সভাপতিকে ধৰি দলীয় শীৰ্ষ নেতাসকল উপস্থিত থাকিব। এই বৈঠকত পূৱক্ষেত্ৰৰ বাবে বিজেপিয়ে বিৰোধী ঐক্য নেওতি কি নীতি ল’ব , কেনেদৰে সফলতা লাভ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত কেনেকুৱা ৰণকৌশল প্ৰস্তুত কৰিব   সেয়া লৈ বাজপেয়ী ভৱনত ব্যস্ত বিজেপি নেতা সকল। 

উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ ‌ক্ষেত্ৰীয় বৈঠকৰ পূৰ্বে, যোৱা বুধবাৰে মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল ক’ৰ কমিটীৰ বৈঠক ৷ সন্ধিয়া ৭ বজাৰ পৰা ৯ বজালৈ অনুষ্ঠিত এই বৈঠক উপস্থিত আছিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে বহুকেইগৰাকী মন্ত্ৰী তথা সাংসদ।‌

আজিৰ এই বৈঠকতো ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ উপৰিও উত্তৰ পূৱৰ সমন্বয়ক সম্বিত পাত্ৰ, ১২ খন ৰাজ্যৰ সভাপতি, সাংগঠনিক সম্পাদকসকল, সহ প্ৰভাৰীসকল উপস্থিত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *