আজি গুৱাহাটীলৈ আহিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

Share

আজি গুৱাহাটীলৈ আহিছে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। গুৱাহাটীস্থিত আই আই টি ৰ ২৫ সংখ্যক সমাৰ্ৱতনত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে। তাৰউপৰিও তেওঁ উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকলৰ সৈতেও  বাৰ্তালাপত মিলিত হ’ব। অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া। উক্ত অনুষ্ঠানটোত ২০,১১ জন স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী প্ৰাপকক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব।

মহানগৰ আৰক্ষীয়ে মহানগৰৰ বহুকেইটা পথত নিৰ্দেশনা জাৰি কৰিছে। আজি জালুকবাৰীৰ পৰা মহানগৰীত প্ৰৱেশ কৰিব নোৱাৰিব বাণিজ্যিক বাহন।  এ টি ৰোডতো বাণিজ্যিক বাহনৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা। উল্লেখ্য যে, এই নিৰ্দেশনা সমূহ আজি পুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈ জাৰি থাকিব।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী ভ্ৰমণৰ সময়তে মা কামাখ্যা মন্দিৰ দৰ্শন কৰি কামাখ্যা মাৰ আশিষ ল’ব। সেয়েহে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী।

Leave a Reply

Your email address will not be published. Required fields are marked *