ঐতিহাসিক দীঘলীপুখুৰী বৰ্তমান গুজৰাট প্ৰতিষ্ঠাৰ হাতত

Share
১৫বছৰৰ কাৰণে গুজৰাটী বনিয়াক গতালে দীঘলীপুখুৰী অসম পৰ্যটন উন্নয়ন নিগমে আৰু চম্ভালিব নোৱাৰে গুৱাহাটীৰ ঐতিহাসিক দীঘলীপুখৰী। অহা ১৫বছৰৰ বাবে পৰ্যটন বিভাগে ঐতিহ্যমণ্ডিত দীঘলীপুখৰী গটালে আহমেদাবাদৰ ECHT conglomerate PVT.LTD ক।
 
দীঘলীপুখুৰী পাৰতেই জিৰণি লয় থকা সুধাকণ্ঠ ভূপেন হাজৰিকা, সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাও গল এই গুজৰাটী প্ৰতিষ্ঠানলৈ। পূৰ্বে দীঘলীপুখুৰী চোৱাচিতা কৰিছিল অসমীয়া যুৱকে। কিন্তু এতিয়াৰে পৰা চোৱাচিতা কৰিব গুজৰাটৰ প্ৰতিষ্ঠানে। প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই খন্দোৱা এই ঐতিহাসিক দীঘলীপুখুৰীক বিক্ৰী কৰিলে ৰাজ্যৰ হিমন্ত বিশ্ব চৰকাৰে। বীৰ আহোমৰ শৰাইঘাটৰ যুদ্ধৰ গৌৰৱোজ্জ্বল ইতিহাসেৰেও আছে দীঘলীপুখুৰীৰ সভ্ৰান্ত সম্পৰ্ক। ইতিহাসবিদ ৰায়বাহাদুৰ কনকলাল বৰুৱাই  দীঘলীপুখৰীক মহাভাৰতৰ যুগৰ বুলি অভিহিত কৰি গৈছে।  
কেৱল দীঘলীপুখৰীই নহয়, পুখৰীৰ পাৰত থকা উদ্যান, ৰেস্তোৰা, দোকান আদিৰো দায়িত্ব দিয়া হল কোম্পানীটোক। সংবাদমেল যোগে এই সত্য ফাদিল কৰিলে আম আদমী পাৰ্টীয়ে। ইতিমধ্যে দলটোৰ ৰাজ্যিক মুখ্য কাৰ্যলয়ত আয়োজিত সংবাদমেলত জিতুল ডেকাই দীঘলীপুখুৰী গুজৰাটৰ প্ৰতিষ্ঠানক গতোৱাৰ বাবে চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে। জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি  দি ক্ষমতালৈ অহা বিজেপি চৰকাৰখনে এপদ এপদ কৈ অসমৰ সম্পদ বহিঃৰাজ্যৰ পুজিপতি, গুজৰাটৰ ব্যৱসায় প্ৰতিষ্ঠানক গতাই দিয়াত উঠি পৰি লাগিছে। উল্লেখ্য যে পৰ্যটন উন্নয়ন নিগমক ইতিমধ্যে এই প্ৰতিষ্ঠানটোৱে আমানতৰ ধন হিচাপে ৩০লাখ টকা জমা দিছে। অসম উন্নয়ন নিগমে দীঘলীপুখৰীৰ উদ্যান, নৌকাবিহাৰ, ৰেস্তোৰা আদি চলাবলৈ যোৱা বছৰৰ মে মাহত নিবিদা আহ্বান কৰিছিল। এই নিবিদা প্ৰক্ৰিয়াত মাত্ৰ দুটা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল। এটা হৈছে গুজৰাটৰ   ECHT conglomerate PVT.LTD আৰু আনটো মহাৰাষ্ট্ৰৰ এমফিট্ৰাইট ছানটি PVT.LTD।
আপৰ অভিযোগ চৰকাৰে থলুৱা উদ্যোগক বঞ্চিত কৰি বহিৰাগতক কিয় ৰঙা দলিছা পাৰি দিছে। এই ঐতিহাসিক প্ৰতিষ্ঠান অসমীয়া যুৱক গটাই দিবলৈও আগ্ৰহ নাই চৰকাৰখনৰ। এতিয়া লক্ষ্যণীয় কথাটো হল পৰ্যটন বিভাগে কিয় পৰিচলনা কৰিব নোৱাৰে দীঘলীপুখুৰী। বহিৰাগত প্ৰতিষ্ঠানৰ দায়িত্বই এতিয়া অসুবিধাত পেলাব পাৰে পৰ্যটকক। বৃদ্ধি পাব পাৰে টিকটৰ মূল্য।

Leave a Reply

Your email address will not be published. Required fields are marked *