আজি পবিত্ৰ ঈদ-উল-আজহাঃ সমগ্ৰ দেশজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ

Share

আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ  উৎসৱ ঈদ-উল-আজহা (বকৰিদ)। যাক ঈদ-উল-আধা বুলিও কোৱা হয়।বিভিন্ন সংস্কৃতি আৰু সৱস্থানেৰে বৈচিত্ৰ্যপূৰ্ণ দেশ ভাৰতত বকৰিদ পালন কৰা হয়। বকৰিদ হৈছে সমগ্ৰ বিশ্বৰ মুছলমান সম্প্ৰদায়ৰ মাজত পালন কৰা এক উৎসৱ। 

নবী ইৰাহিমে তেওঁৰ পুত্ৰ ইছমাইলক আল্লাহৰ ইচ্ছাত কোৰবানি কৰিবলৈ ওলোৱাৰ স্মৃতিক ৰোমন্থন কৰিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰি আহিছে। ঈদৰ প্ৰাকমূহুৰ্তত ইছলামধৰ্মী লোকসকলৰ ঘৰে-ঘৰে বিৰাজ কৰিছে আনন্দময় পৰিৱেশ। ৰাজহুৱা নামাজত অংশগ্ৰহণ কৰিছে শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ। ঈদ পালন কৰাৰ নিৰ্দিষ্ট তাৰিখ বা কাৰণ গ্ৰেগৰিয়ান কেলেণ্ডাৰত তাৰিখ প্ৰতি বছৰে বছৰে ভিন্ন হয়। ঈদ-উল-আধা চন্দ্ৰ পঞ্জিকা অনুলৰি পালন কৰা হয় আৰু এই উৎসৱ দু আল-হিজ্জা মাহত পৰে। ভাৰতে চৌদি আৰৱৰ এদিন পাছত বকৰিদ পালন কৰা হয়। এই ঈদতে আল্লাহৰ নামত পোহনীয়া জীৱ-জন্তু কোৰবানি কৰাৰ নিয়ম আছে। 

ঈদ-উল-আজহা উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্য়ৰ ইছলাম ধৰ্মৱলম্বী লোকসকলক জনাইছে শুভেচ্ছা। তাৰ লগতে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়ো আন্তৰিক শুভেচ্ছা জনাইছে। এই পৱিত্ৰ উৎসৱে ৰাজ্যৰ জনগণৰ মাজত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী কটকটীয়া কৰি তুলিব বুলি আশা ব্যক্ত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *