অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হ’ব মাজুলীৰ ফেৰী সেৱা ব্যৱস্থা

Share

মহাবাহুৰ কালৰূপ, অনিৰ্দিষ্টকালৰ বাবে বন্ধ মাজুলী-নিমাতীঘাটৰ ফেৰীসেৱা।ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে সৃষ্টি হৈছে প্ৰলয়ংকাৰী বানৰ ৷ অসম দুৰ্যোগ প্ৰশমন বিভাগৰ শেহতীয়া তথ্য অনুসৰি, ৰাজ্যৰ ২২ জিলাৰ প্ৰায় ৫ লাখ লোক বানপানীত আক্ৰান্ত হৈছে ৷ ওদালগুৰি, বাক্সা, লখিমপুৰ. নলবাৰী, বজালী আদি জিলাসমূহত বানৰ তাণ্ডৱ চলিছে ৷ ইফালে, মহাবাহুৰ পানী বিপদসীমাৰ ওপৰেৰে অতিক্ৰম কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হ’ল মাজুলী-নিমাতীঘাটৰ ফেৰীসেৱা ৷ উল্লেখযোগ্য যে ,বানপৰিস্তিৰ ফলত ব্ৰক্ষপুত্ৰৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰাৰ বাবে জনসাধাৰণৰ সুৰক্ষাৰমূলকভাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *