২০ জুনৰ দিনা প্ৰকাশ কৰে সীমা নিৰ্ধাৰণৰ ভাৰতৰ নিৰ্বাচন আয়োগৰ খচৰা প্ৰস্তাৱ। অসমৰ বাবে বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ ধাৰা ৮ ত উল্লেখ কৰা অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। নিৰ্বাচন আয়োগে এই সমষ্টি নিৰ্ধাৰণৰ খচৰাত ওজৰ-আপত্তি কৰা বাবে ১১জুলাইত অন্তিম তাৰিখ নিৰ্ধাৰণ কৰি দিয়ে। জুলাইত পুনৰ আহিব নিৰ্বাচন আয়োগৰ দল।
বিধানসভাত SC ৰ বাবে ৯টা, ST ৰ বাবে ১৯টা সমষ্টি সংৰক্ষিত কৰাৰ লগতে পশ্চিম কাৰ্বি আংলঙলত এখন বিধানসভা আসন বৃদ্ধি পাব। আনহাতে বড়োলেণ্ডত বিধানসভাৰ আসন ১৬ পৰা ১৯লৈ বৃদ্ধি কৰা হব। তাৰ লগতে ধেমাজি বিধানসভা সমষ্টি অসংৰক্ষিত ৰূপে ঘোষণা কৰা হয়। এই প্ৰস্তাৱ অনুসৰি অসমত বিধান সভা সমষ্টি ১২৬টাই থাকিব। ইয়াৰ লগতে কলিয়াবৰ লোকসভা সমষ্টিৰ নতুন নাম হব কাজিৰঙা।
SC বাবে বিধানসভা সমষ্টিৰ সংখ্যা ৮ৰ পৰা ৯টা লৈ বৃদ্ধি হয়। লোকসভাত সমষ্টি সংৰক্ষিত হব SC ৰ বাবে ১টা। আৰু পশ্চিম কাৰ্বি আংলঙত এটা বিধান সভা সমষ্টি বৃদ্ধি হয় SC বাবে। ইয়াৰ লগতে ডিফু আৰু কোকৰাঝাৰ লোকসভা সমষ্টি সংৰক্ষিত হব SC ৰ বাবে। বৰাক উপত্যকাটো লোকসভা সমষ্টিটো থাকিব দুটা।
আনহাতে মঙলদৈ লোকসভা সমষ্টিৰ নাম হব দৰং। মাজুলী এতিয়াৰে পৰা লখিমপুৰ লোকসভা সমষ্টিৰ পৰিৱৰ্তে হব যোৰহাট লোকসভা সমষ্টি।