নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰসংঘৰ নেতৃত্ব আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সদস্য়সকলৰ সৈতে আন্ত ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিব।যোগৰ লগতে প্ৰাচীন ভাৰতীয় প্ৰথাৰ লাভালাভৰ বিষয়ে সজাগতা বিয়পাবলৈ আজি দেশৰ বিভিন্ন প্ৰান্ততো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।
উল্লেখ্যযোগ্য যে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্বদেশীভাৱে নিৰ্মিত বিমান বাহক আই এন এছ বিক্ৰান্তত ভাৰতীয় নৌ -সেনাৰ জোৱানসকলৰ সৈতে যোগাসন কৰে।এই অনুষ্ঠানটোত নৌ -সেনাপ্ৰধান এডমিৰেল আৰ হৰি কুমাৰ নৌ কল্যাণ আৰু কল্যাণ সংস্থাৰ অধ্যক্ষ কালা হৰি কুমাৰৰ লগতে ভাৰতীয় নৌসেনা আৰু আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।
আনহাতে, ইফালে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জে পি নাড্ডাই গুৰুগ্ৰামৰ তৌ দেৱী লাল ষ্টেডিয়ামতআন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।২০১৪ চনৰ ২৭ ছেপ্টম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সকলো দেশকে সংযুক্ত সাধাৰণ পৰিষদত যোগ দিৱস পালন কৰিবলৈ আহ্বান জনায়।ইয়াৰ পিছত ২০১৫ চনত প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্ববাসীয়ে যোগ দিৱস পালন কৰে।