৪৫ দিনৰ মূৰত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল শৃংখল চলিহা

Share

বীৰ লাচিত সেনা শৃংখল চলিহা অৱশেষত মুকলি আকাশৰ তললৈ আহিল। ৪৫দিনৰ অন্তত শৃংখল চলিহাক NSA অৰ্থাৎ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ  অধীনত মুকলি কৰি দিয়া হয়। জানিব পৰা মতে বীৰ লাচিত সেনাৰ নেতা  শৃংখল চলিহা সোমবাৰে নিশা প্ৰায় ১১বজাত ঘৰত আহি উপস্থিত হয়। তাৰ  পাছতে শৃংখল চলিহাৰ বাসগৃহত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

উল্লেখ যোগ্য যে শিৱসাগৰ জিলাৰ দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে বহু সমালোচিত শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কৰা গ্ৰেপ্তাৰক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। তথ্য অনুসৰি শিৱসাগৰ জিলাৰ দণ্ডাধীশৰ আদেশ নং SVMJ/NSA/16/2023/10(A) ৰ দ্বাৰা শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ধাৰাত তিনি মাহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হৈছিল। জিলা দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে উল্লেখ কৰা অনুসৰি শৃংখল চলিহাৰ বিভিন্ন কাৰ্যকলাপ পৰ্যৱেক্ষণ কৰি সমাজৰ জাতি-সম্প্ৰদায়ৰ মাজত বিভেদৰ সৃষ্টি হৈছিল। একাংশ বিশেষ ব্যৱসায়িক গোষ্ঠীক দাবী-ধমকি, মাৰপিট কৰি সাম্প্ৰদায়িক ঘৃণা, ধৰ্মীয় বিভেদ, ভাষিক বিয়পোৱা শৃংখল চলিহাই একাংশ সহযোগীৰ সৈতে মিলি ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি অস্ত্ৰ সংগ্ৰহৰ অভিযোগো উত্থাপন হৈছিল। এনেবোৰ কাৰণতে তিনি মাহ শিৱসাগৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল শৃংখল চলিহাক।

Leave a Reply

Your email address will not be published. Required fields are marked *