ভিষ্টাৰা আৰু ইণ্ডিগ’ই মুকলি কৰিব আন্তৰ্জাতিক বিমান সেৱা

Share

অহা আগষ্ট মাহৰ পৰা আন্তৰ্জাতিক বিমান সেৱাৰ বাবে সাজু হৈছে ভিষ্টাৰা- ইণ্ডিগ’ দুখন বিমান সেৱা।বিমান পৰিবহণ সঞ্চালকালয়ে এই দুই বিমান সেৱাক আন্তৰ্জাতিক সেৱাৰ বাবে অনুমতি প্ৰদান কৰিছে।

ভিষ্টাৰাই নতুন দিল্লীৰ পৰা ইণ্ডোনেছিয়াৰ বালিলৈ আৰু ইণ্ডিগ’ৱেও নতুন দিল্লীৰ পৰা জৰ্জিয়াৰ ৰাজধানী তিবলিচিলৈ বিমান সংযোগ কৰিবৰ বাবে বিমান পৰিবহণ সঞ্চালকালয়ৰ ওচৰত আবেদন দাখিল কৰিছিল।

উল্লেখ্য যে,১ আগষ্টৰ পৰা ভিষ্টাৰাই নতুন দিল্লীৰ পৰা ইণ্ডোনেছিয়াৰ বালিলৈ সেৱা আগবঢ়াব আৰু ইণ্ডিগ’ই ৭ আগষ্টৰ পৰা জৰ্জিয়াৰ ৰাজধানী তিবলিচিলৈ সেৱা আগবঢ়াব।

Leave a Reply

Your email address will not be published. Required fields are marked *