ভয়াৱহ বানৰ কবলত সমগ্ৰ অসমঃ ভুটানে এৰিলে কুৰিশ্বু বান্ধৰ পানী

Share

অসমত বানৰ বিভীষিকাময় পৰিস্থিতি। উজনি পৰা নামনি লৈ প্ৰৱল বৃ্ষ্টিপাতৰ ফলত  বানত বুৰিছে কেইবাখনো জিলা ।  ইতিমধ্যে অসমৰ বিভিন্ন জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট। । ভুটানৰ কুৰিশ্বু নদীৰ কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পৰা ভয়াৱহ ভাৱে অতিৰিক্ত পানী এৰি দিয়াৰ পিছত  নামনি অসমত বান পৰিস্থিতি অধিক অৱনতি হোৱাৰ সম্ভাৱনাৰে জাৰি কৰা হৈছে হাই এলাৰ্ট। ইফালে, ভূতৰ ওপৰত দানৱ পৰা দি ভুটানৰ কুৰিশ্বু বান্ধৰ অতিৰিক্ত পানী এৰি দিয়াৰ পিছত  নামনি অসমত বান পৰিস্থিতি ভয়াবহ হোৱাৰ সম্ভাৱনা আছে। 

উল্লেখ্য যে ভুটানৰ পৰা অতিৰিক্ত পানী এৰি দিয়াৰ ফলত বৰপেটা জিলাৰ কালদিয়া নদী আৰু পহুমৰা নদীৰ পানী বিপদসীমাৰ ওপৰেৰে অতিক্ৰম কৰিছে। ইয়াৰ ফলত বৰপেটা জিলাৰ লগতে নামনি অসমত এতিয়া  বিধ্বংসী বান সৃষ্টি হোৱাৰ আকাংক্ষা আহি পৰিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি , বৰ্তমান বানপানীৰ ফলত অসমৰ ১৩ খন জিলাৰ প্ৰায় ৩৪,১৮৬ ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। পুঠিমাৰী , কপিলী, ব্ৰহ্মপুত্ৰ নদীৰ পানীভাগ বিপদসীমাৰ ওপৰেৰে অতিক্ৰম কৰিছে। বিশ্বনাথ, কাছাৰ, দৰং , ধেমাজি, ডিব্ৰুগড়, নগাওঁ, নলবাৰী, বৰপেটা , গোলাঘাট, লখিমপুৰ, ওদালগুৰিৰ বিস্তৰ এলেকা ভয়াবহ বানৰ কবলত পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *