চি বি আইয়ে অব্যাহত ৰাখিছে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত

Share

চি বি আইয়ে তীব্ৰ গতিত অব্যাহত আছে ১৬ মে’ত ৰহস্যজনক ভাৱে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা আৰক্ষী উপ- পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত।ইতিমধ্যে চি বি আইৰ দলটোৱে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে নগাঁৱত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্যযোগ্য যে, জোনমণি ৰাভাৰ পথ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে নিশাই তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেয়ে আৰক্ষীৰ দল লৈ জোনমণি ৰাভাৰ আৱাসগৃহত অভিযান চলাই কেইবালাখ টকা জব্দ কৰিছিল বুলি অভিযোগ উথাপন কৰিছিল জোনমণিৰ মাতৃয়ে।সেই অভিযানৰ পাছতেই তেওঁৰ ফোনৰ পৰা কল লিষ্ট ডিলিট কৰিছিল বুলিও কৈছিল জোনমণি ৰাভাৰ মাতৃয়ে।

 ইফালে নগাঁৱত বাহৰ পাতি থকা চি বি আইৰ দলটোৱে এই গোচৰৰ সৈতে নাম সাঙোৰ খোৱা এজনৰ পাছত আন এজন আৰক্ষী বিষয়া তথা জোৱানক জেৰা চলাইছে।নগাঁৱ আৱৰ্ত ভৱনতেই চি বি আই দলটোক জেৰা চলোৱা আৰক্ষী বিষয়া ৰাজা ইৰছাদ, মনোজ ৰাজবংশী, আভাজ্যোতি ৰাভাক।

উল্লেখ্য যে , চি বি আইৰ জেৰাৰ সন্মুখীন হয় নগাঁও সদৰ থানাৰ ড্ৰাইভাৰ অনিল ভূঞাকো।এই অনিল ভূঞাই ফোন যোগে জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগত কৈছিল কেতবোৰ বিস্ফোৰক মন্তব্য।

অৱশ্যে, চি বি আইয়ে বৰ্তমানেও জেৰা চলোৱা নাই তদানীন্তন নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুপজ্যোতি কলিতা . ডি এছ পি ত্ৰিদিপ কুম্বাঙক ।

Leave a Reply

Your email address will not be published. Required fields are marked *