আজি শিল্পী দিৱস, ৰাজ্যজুৰি ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক সোৱৰণ

Share

আজি ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭২সংখ্যক স্মৃতিদিৱস। এই উপলক্ষে ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস। শিল্পী দিৱসৰ মাজেৰে সংস্কৃতিৰ পূজাৰী ৰূপকোৱৰক ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুষ্ঠান প্ৰতিষ্ঠানে সোৱৰিছে। জ্যোতিপ্ৰসাদ আগৰৱলাৰ দৃষ্টি, সৃষ্টি, দৰ্শন আৰু আদৰ্শত প্ৰাণ পাই উঠিছিল জাতীয়তাবাদী চিন্তা-চেতনা। তেওঁ কেৱল ৰূপকোৱৰে নাছিল তেওঁ আছিল বিপ্লৱৰ পূজাৰী।

অসমীয়া কলা-সাহিত্য সংস্কৃতিৰ অন্যতম শিল্পী ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৯০৩ চনৰ ১৭জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত। ১৯৩৩ চনত ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ স্থাপন কৰি প্ৰথম অসমীয়া চিনেমা ‘জয়মতী’ ৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰিছিল। সেয়া আছিল অসমৰ দীঘলীয়া সাংস্কৃতিক বিৱৰ্তনৰ অন্যতম স্তৰ। ১৯৩৫ চনত নিৰ্মাণ কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ আধাৰত চিনেমা।

 

Leave a Reply

Your email address will not be published. Required fields are marked *