গুৱাহাটী মহানগৰত দুদিন ধৰি বন্ধ থাকিব পানী যোগান

Share

পুনৰ বিপৰ্যয়ৰ মুখলৈ গুৱাহাটীবাসী। গুৱাহাটী মহানগৰত দুদিনৰ বাবে বন্ধ থাকিব পানী যোগানৰ ব্যৱস্থা। ১২ আৰু ১৩ জুনত বন্ধ থাকিব পানী যোগান।  স্থানান্তৰ কৰা হব গুৱাহাটী পৌৰনিগমৰ পাণবজাৰৰ পানী টেংকী। গুৱাহাটীবাসীয়ে নাপাব পৌৰ নিগমৰ খোৱাপানী। সেয়েহে পাণবজাৰৰ পানী টেংকীৰ সংলগ্ন অঞ্চলত বন্ধ থাকিব পানী যোগানৰ ব্যৱস্থা।

পানী বন্ধ থকা অঞ্চলসমূহ হৈছে পাণবজাৰ, ফাঁচীবজাৰ, ৰিহাবাৰী, কাছাৰীবস্তি, উলুবাৰী, গান্ধীবস্তি, দক্ষিণ শৰণীয়া, লাচিত নগৰত বন্ধ থাকিব পানী যোগান। তাৰোপৰি ভঙাগড়, ৰাজগড়, পূৱশৰণীয়াতো বন্ধ থাকিব পানী যোগান। আৰু AT ৰোড, ছাত্ৰীবাৰী, পল্টনবজাৰতো ব্যাহত হব পানী যোগান। কিন্তু কামাখ্যা আৰু চাটপুখুৰী টেংকীৰ পানী যোগান অব্যাহত থাকিব। 

Leave a Reply

Your email address will not be published. Required fields are marked *