২০২৪ৰ লোকসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ বাবে তুংগত ৰাজনৈতিক দলসমূহৰ ৰণনীতি। তাৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চলাইছে আমৰ ৰাজনীতি। মমতা বেনাৰ্জীয়ে বতৰৰ ফল আমৰ সোৱাদ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক । উপহাৰ হিচাপে প্ৰেৰণ কৰিলে পশ্চিমবংগৰ সুস্বাদু আম।
ৰাজনৈতিক বিবাদ, কেন্দ্ৰ-ৰাজ্যৰ সংঘাততৰ বিষয়কলৈ চৰ্চাৰ শীৰ্ষত থাকে মমতা বেনাৰ্জী আৰু প্ৰধানমন্ত্ৰী মোডীৰ ৰাজনৈতিক সম্পৰ্ক। মমতা বেনাৰ্জীৰ ৰাজনৈতিক প্ৰেক্ষাপটত ক্ষমতা আঁতৰাবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে নিৰ্বাচনৰ সময়ত যেনে ধৰণৰ বিশাল ৰোড শ্ব কৰিছিল , ঠিক তেনেদৰে মমতা বেনাৰ্জীও প্ৰধানমন্ত্ৰী মোডীক ক্ষমতাৰ পৰা আঁতৰাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু ৰাজনৈতিক বিবাদৰ মাজতে প্ৰধানমন্ত্ৰী মোডীলৈ পশ্চিমবংগৰ বিভিন্ন প্ৰজাতিৰ আম উপহাৰ হিচাপে প্ৰেৰণ কৰে মমতা বেনাৰ্জীয়ে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীলৈ আম উপহাৰ হিচাপে প্ৰেৰণ কৰাটো নতুন কথা নহয় । বিগত ১২ বছৰ ধৰি এইদৰে আম উপহাৰ হিচাপে প্ৰেৰণ কৰি আহিছে মমতা বেনাৰ্জীয়ে । দুয়োগৰাকী নেতাৰ মাজত ৰাজনৈতিক পাৰ্থক্য থকাৰ স্বতেও প্ৰধানমন্ত্ৰীলৈ ভাল মানদণ্ডৰ আম প্ৰেৰণ কৰা এই ঘনিষ্ঠতাই ৰাজনৈতিক প্ৰেক্ষাপটত কিহৰ ইংগিত দিব বিচাৰিছে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হ’ব।