আগষ্টৰ ভিতৰত ৰাজ্যত সম্পূৰ্ণ হ’ব আধাৰ কাৰ্ডৰ পঞ্জীয়ন প্ৰক্ৰিয়া

Share

ৰাজ্যত শীঘ্ৰেই সম্পূৰ্ণ কৰা হ’ব আধাৰ কাৰ্ড পঞ্জীয়ন আৰু প্ৰদানৰ প্ৰক্ৰিয়া। আগষ্ট মাহৰ ভিতৰত  ৰাজ্যখনত ৯৫ শতাংশ লোকৰ আধাৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকৰে। অসমৰ বহু হিতাধিকাৰীয়ে আধাৰ তথা চৰকাৰী আঁচনিৰ সৈতে সংলগ্ন নোহোৱাৰ ফলত নিজৰ প্ৰাপ্য পৰা বঞ্চিত হ’ব লগা হৈছিল। সেয়েহে আধাৰৰ লগতে জড়িত আন গুৰুত্বপূৰ্ণ বিষয়ত জিলা আয়ুক্তৰসকলৰ সৈতে এক বৈঠকত মিলিত হয়  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকত আধাৰ পঞ্জীয়ন আৰু প্ৰদানৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। 

উল্লেখ্য যে, দিল্লীত অনুষ্ঠিত হোৱা বৈঠকখন ভিডিঅ কনফাৰেন্সৰ দ্বাৰা জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে মিলিত হোৱাৰ  সময়ত ৰাজ্যৰ কৃষকৰ পৰা সৰিয়হ ক্ৰয় কৰা, কৃষক সন্মান নিধি আৰু আধাৰৰ কাৰ্ড প্ৰদান কৰা কামৰ বুজ লয় আৰু ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী লগতে উল্লেখ কৰে যে, অসমৰ প্ৰায় ১০ লাখ কৃষকে কৃষক সন্মান নিধিৰ ধন পাব লাগে যদিও আধাৰৰ পঞ্জীয়নৰ সৈতে সংলগ্ন নোহোৱা বাবে যাৱতীয় ধনৰ বঞ্চিত হ’ব লগা হৈছে।  

গতিকে আগষ্ট মাহৰ ভিতৰত অসমত আধাৰ পঞ্জীয়নৰ ৯৫ শতাংশ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য হাতত লৈছে অসম চৰকাৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *