অসমত নতুনকৈ নিৰ্মাণ হ’ব দুখনকৈ ৰে’লৰ দলং

Share

ভাৰত চৰকাৰে ১৫ দিনৰ মূৰে মূৰে অসমলৈ পঠিয়াই ভাল খবৰ, মন্তব্য ড০ হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটী ৰে’লৱে ষ্টেচনত অনুষ্ঠিত হোৱা বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত দুখন ৰে’ল নিৰ্মাণৰ কথা ঘোষণা কৰে। 

৩,৫১২ কোটি টকা ব্যয়ৰে ব্ৰহ্মপুত্ৰৰ ওপৰত তেজপুৰ আৰু শিলঘাটত ৰে’ল দলং ব্ৰড গজ লাইনেৰে সংযোজন কৰা আৰু ১,৬৭৭ কোটি টকা ব্যয়ৰে শৰাইঘাটৰ ওপকত দ্বিতীয়খন ৰে’লৰ দলং নিৰ্মাণ কৰাৰ পৰিকল্পনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰম্ভ হৈছে বুলি সদৰি কৰে।

লগতে তেওঁ কয়, বন্দে ভাৰত এক্সপ্ৰেছ বিদেশৰ ৰে’ল সেৱাতকৈ অধিক উন্নতমানৰ। বিগত বৰ্ষত উওৰ-পূৱত ৪৩০ কিলোমিটাৰ ৰে’ল লাইন মিটাৰ গজৰ পৰা ব্ৰজ গজ হৈছে আৰু ৪৯ ৰে’লপথ দৈত্বকৰণ কৰা হৈছে। উওৰ- পূৰ্বাঞ্চলত ৭০ হাজাৰ কোটি টকা ৰে’লখণ্ডত ব্যয় কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্দেশ দিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।  

Leave a Reply

Your email address will not be published. Required fields are marked *