অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন আলহি

Share

অসম ৰাজ্যিক চিৰিয়াখানাত সোমবাৰে আনুষ্ঠানিকভাৱে পৰিৱেশ আৰু বনবিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুকলি কৰে এটা জিৰাফ আৰু দুটা জেব্ৰা। 

উল্লেখ্যযোগ্য যে ৫ বছৰীয়া মাইকী জিৰাফটো বিহাৰৰ পাটনা চিৰিয়াখানাৰ পৰা অনা হৈছে। বৰ্তমান সময়ত অসম ৰাজ্যিক চিৰিয়াখানাত জিৰাফৰ সংখ্যা দুটালৈ বৃদ্ধি পালে । 

আনহাতে কৰ্ণাটকৰ মহীশূৰৰ পৰা অনা মতা আৰু মাইকী জেব্ৰা দুটাৰ বয়স ক্ৰমে এবছৰ আৰু তিনিবছৰ। ইয়াৰ লগতে পৰিৱেশ আৰু বনবিভাগৰ মন্ত্ৰীগৰাকীয়ে জেব্ৰা দুটাক জয় আৰু জয়া আৰু জিৰাফকেইটাৰ নাম বিজয় আৰু বিজয়া নামাৰে নামকৰণ কৰে।

ইয়াৰ উপৰিও বনবিভাগৰ মন্ত্ৰীগৰাকীয়ে ৩০ বছৰৰ মূৰত অসম ৰাজ্যিক চিৰিয়াখানালৈ নতুনকৈ জেব্ৰা অহাটো বিশেষ মুহুৰ্ত বুলি প্ৰকাশ কৰি কয় যে, অনাগত দিনত জেব্ৰাৰ সংখ্যা বৃদ্ধি পাব লগতে চিৰিয়াখানাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বহু পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰা হৈছে। ইয়াৰ পুনৰ নিৰ্মাণৰ বাবে প্ৰাককলন প্ৰস্তুত কৰি থকা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *