অসমত পুনৰ নিৰ্মাণ কৰা হব ৩খনকৈ নতুন উচ্চ শিক্ষানুস্থান

Share

উচ্চ শিক্ষা গ্ৰহণৰ  বাবে সুবিধা হোৱাকৈ  এইবাৰ চৰকাৰৰ আন এক  নতুন সিদ্ধান্ত । কলিয়াবৰত স্থাপন হব ৩খনকৈ নতুন শিক্ষানুস্থান । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুৰদৰ্শী চিন্তাৰ আধাৰত কলিয়াবৰৰ প্ৰতিজন  ছাত্ৰ – ছাত্ৰীৰ সুবিধা হোৱাকৈ  উচ্চ শিক্ষানুস্থান  , আইন শিক্ষানুস্থান  আৰু এখন চিকিৎসা শিক্ষানুস্থান স্থাপন হব । 

 ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে জখলাবন্ধাতো স্থাপন হব এখন নাৰ্ছিং বিদ্যালয় , এই নাৰ্ছিং বিদ্যালয়খনৰ শৈক্ষিক ভৱন আৰু শিক্ষাৰ্থীৰ আৱাসৰ  লগতে ইয়াৰ চৌহদতে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী বাবে আৱাসিক ভৱনো নিৰ্মাণ কৰা হব । ইয়াৰোপৰি , কলিয়াবৰ বুঢ়াচাপৰি চাহ বাগিছাত এখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হব । আৰু উচ্চ শিক্ষা আহৰণৰ  বাবে ছাত্ৰ-ছাত্ৰীসকলৰ  সুবিধা হোৱাকৈ  কলিয়াবৰত নিৰ্মাণ হব এখন আই ন মহাবিদ্যালয় ।

এই শিক্ষানুস্থান  সমুহ নিৰ্মাণৰ  বাবে আৱন্টিত  ভূমি পৰিদৰ্শন কৰি প্ৰাৰম্ভিক নিৰ্মাণ কাৰ্যৰ বিষয়ে লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, বাগিছা পৰিচালনা কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ সৈতে মন্ত্ৰী কেশৱ মহন্তই আলোচনাত মিলিত হয় । আৰু লগতে এই প্ৰকল্প সমূহ নিৰ্মাণৰ বাবে নিৰ্ধাৰণ কৰা ভূমি পৰিদৰ্শন আৰু প্ৰাৰম্ভিক নিৰ্মাণকাৰ্যৰ বিষয়ে তেওঁ কলিয়াবৰৰ মহকুমাধিপতি লিজা তালুকদাৰ, চক্ৰ বিষয়া আৰু লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ সৈতে আলোচনা কৰে । 


Leave a Reply

Your email address will not be published. Required fields are marked *