গুৱাহাটী জালুকবাৰীত ভয়াবহ পথ দুৰ্ঘটনা প্ৰাণ হেৰুৱালে ৭ জনকৈ যুৱক

Share

গুৱা্হাটী মহানগৰীৰ জালুকবাৰীত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পেলাইছে।৭ জনকৈ প্ৰচুৰ সম্ভাৱনাময় যুৱকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগীয়া ঘটনা নিশ্চয়কৈ এক দুৰ্ভাৰ্গ্য  সকলোৰে বাবে ।এই দুৰ্ঘটনাত ৰাজ্যই  থিতাতে হেৰুৱালে ৭ জনকৈ  মানৱ  সম্পদ।

উল্লেখ্যযোগ্য যে,স্কৰপিঅ’ বানত যাত্ৰা কৰি থকা অৱস্থাতেই নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে খুন্দা মাৰিছিল ডিভাইদাৰত।আৰু তাৰ পাছত ডিভাইদাৰৰ পৰা নিলগত ৰৈ থকা বাহনত আহি দ্বিতীয়টো খুন্দা মাৰে স্কৰপিঅ’খনে।ইয়াৰ ফলত স্কৰপিঅ’খনত থকা ৭ জনকৈ যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল।

আনহাতে,যুৱক কেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল।এই যুৱক কেইজনৰ ভিতৰত গুৱাহাটীৰ অৰিন্দম ভোৱাল আৰু নিয়ৰ ডেকা, শিৱসাগৰৰ কৌশিক মোহন,নগাঁওৰ উপাংশু শৰ্মা ,মাজুলীৰ ৰাজ কিৰণ ভূঞা ,ডিব্ৰূগড়ৰ ইমন বৰুৱা আৰু মঙলদৈৰ কৌশিক ।

উল্লেখ্য যে, নিশা প্ৰায় ১ বজাত পশ্চিম শাখাৰ আৰক্ষী উপ-আয়ুক্তৰ কাৰ্যালয়ৰ সমীপতেই সংঘটিক হৈছিল এই দুৰ্ঘটনা।আৰক্ষীৰ ভাষ্য অনুসৰি ,ডিভাইদাৰৰ পাছত ৰৈ থকা ডি আই পিকআপ ভেনত আহি খুন্দা মাৰিছিল স্কৰপিঅ’খনে।

আনহাতে,এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া প্ৰশ্ন উথাপন হৈছে যে ছাত্ৰাবাসৰ পৰা নিশা ১ বজাত শিৰ্ক্ষাথী কিদৰে বাহিৰত থাকিব পাৰে?কলেজ কৰ্তৃপক্ষৰ অনুমতি অবিহনে সম্ভৱ নে এই কাম? যদি সম্ভৱ তেনেস্থলত ভৱিষ্যতলৈও এনে দুৰ্ঘটনা অথবা কোনো অঘটন সংঘটিত হ’লে শিৰ্ক্ষাথীৰ জীৱনৰ দায়িত্ব কোনে ল’ব।ধব্বংস প্ৰাপ্ত স্কৰপিঅ’খনৰ অৱস্থাৰ পৰা সহজেই  অনুমান কৰিব পাৰি যে তীব্ৰ গতিত আছিল বাহনখন।আনহাতে  দুই -এক সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি স্কৰপিঅ’খনৰ ভিতৰত উদ্ধাৰ কৰা হৈছে সুৰাৰ বটল।অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তত হে জানিব পৰা যাব। 

Leave a Reply

Your email address will not be published. Required fields are marked *